ঢেকীয়াজুলিত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ ছহিদুলকে ধৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবী...

পৰিস্থিতি বুজ ল'বলৈ হেলিকপ্টাৰেৰে ঢেকীয়াজুলিত উপস্থিত অশোক সিংহাল, ক'লে জাতি, ভাষা এৰি অভব্য সমাজৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ কথা
ঢেকীয়াজুলিত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ ছহিদুলকে ধৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবী...
ঢেকীয়াজুলিত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ ছহিদুলকে ধৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবী...
Published on
Updated on

ডিজিটেল সংবাদ ওৰাংঃ মাজবাটৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক পাঁচজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰা কাৰ্যৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাত সংঘটিত হৈছে আন এক অনুুৰূপ ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীক টিউচনৰ পৰা ঘূৰি অহাৰ সময়তে পাঁচ জনকৈ যুৱকে মিলি দলবদ্ধ ধৰ্ষণ কৰে।

অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ ১ নং পলাশবস্তিৰ ছহিদুল ইছলাম নামৰ যুৱকজনৰ সৈতে আন চাৰিজন যুৱক এই অপকৰ্মৰ সৈতে জড়িত আছিল। ইতিমধ্যে ঢেকীয়াজুলি আৰক্ষীয়ে ছহিদুলক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী চাৰিটা সহযোগীক কৰায়ত্ত কৰিব পৰা নাই।

এনে পৰিস্থিতিত পলাতক চাৰি ধৰ্ষণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে ঢেকিয়াজুলীত সদৌ অসম ছাত্ৰ সন্থা, আছা, আটছাই যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত স্থানীয় সচেতন ৰাইজেও সহযোগিতা আগবঢ়ায়।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক্স হেণ্ডেলত এই ঘটনা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণৰ ইংগিত দিছে। তেওঁ এক্সত লিখিছে, দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। সমান্তৰালকৈ মন্ত্ৰী অশোক সিংহালেও এই ঘটনাৰ দোষীক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ হুংকাৰ দিছে।

২৪ জুলাইত সংঘটিত হোৱা এই জঘণ্য ধৰ্ষণ কাণ্ডৰ সৈতে জড়িতক গ্ৰেপ্তাৰৰ লগতে মৃত্যুদণ্ডৰ শাস্তিৰ দাবীৰে ঢেকীয়াজুলি চহৰত বাহিৰ কৰা প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয় যে, যিসকলে এই অপকৰ্মত লিপ্ত হৈছে তেওঁলোকক গুলীয়াই মৃত্যুদণ্ড বিহিব লাগে। লগতে আছুৱে অধিবক্তা সমাজক ধৰ্ষণকাৰীৰ সপেক্ষে আইনী যুঁজত নানামিবলৈও আহ্বান কৰে।

ঢেকিয়াজুলীত সংঘটি হোৱা এই জঘণ্য কাণ্ডৰ পৰিস্থিতিৰ বুজ ল'বলৈ আজি হেলিকপ্টাৰৰ জৰিয়তে ঢেকিয়াজুলীত উপস্থিত হয় মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহাল। সিংহালে ঢেকীয়াজুলিৰ পৰিদৰ্শন বাংলাত অঞ্চলটোৰ একাধিক দল, সংগঠনৰ নেতৃত্বৰেও আলোচনাত বহে।

ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, লোকসভা নিৰ্বাচনৰ পিছতেই এটা বিশেষ সম্প্ৰদায়ে হিন্দু সমাজৰ ওপৰত ক্ৰমাগতভাবে বিভিন্ন ঘটনা সংঘটিত কৰিছে৷ এয়া পৰিকল্পিতভাবে হিন্দুৰ ওপৰত এটাৰ পিছত আনটো আক্ৰমণ বিশেষ সম্প্ৰদায়ৰ৷ চৰকাৰে ইয়াক কঠোৰ হাতেৰে দমন কৰিব৷ কেন্দ্ৰৰ বিজেপি চৰকাৰখন ইমান দুৰ্বল বুলি ভাবিব নালাগে৷ আমি এই অভব্য সমাজৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজো আছোঁ।

মন্ত্ৰী সিংহালে আৰক্ষীক শীঘ্ৰেই দোষীক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা বুলি উল্লেখ কৰি পুনৰ কয় যে,আমি জাতি আৰু ভাষাৰ নামত লাগি থাকিলে নহ'ব৷ এই অভব্য সমাজখনৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিব লাগে। অশোক সিংহালৰে স্থানীয়, দল, সংগঠনৰ নেতৃত্বৰে হোৱা এই আলোচনাত জিলাখনৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ মূৰব্বীসকলো উপস্থিত থাকে৷

ঢেকীয়াজুলিত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ ছহিদুলকে ধৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবী...
লোকসভাত ৰাহুল-মোডীৰ কৰমৰ্দনঃ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে, VIDEO

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in