জামুগুৰিহাটত চাঞ্চল্য, ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ...

জামুগুৰিহাটত চাঞ্চল্য, ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ হাজৰিকা চুক গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক চাঞ্চ্যলকৰ ডকাইটি কাণ্ড। গাঁওখনৰ জান হাজৰিকা নামৰ ৬০ উৰ্দ্ধৰ বৃদ্ধা গৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি তিনিজনীয়া ডকাইটৰ দলে চোকা অস্ত্ৰ দেখুৱাই বৃদ্ধাৰ মুখত সোপা দি ৰচিৰে বান্ধি গডৰেজৰ ল'ক খুলি লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।

ডকাইটৰ দলটোৱে বৃদ্ধা গৰাকীৰ পৰা গাড়ী বিক্ৰী কৰা টকা বিচাৰিছিল ৷ কাৰণ জান হাজৰিকাৰ কনিষ্ঠ পুত্ৰ আকাশ হাজৰিকাই টাটা ইন্ট্ৰা ভি, টু নামৰ এখন গাড়ী বিক্ৰী কৰিছিল আৰু এই কথা ডকাইটৰ দলে জানিব পাৰিছিল ৷ পিছত ওচৰ-চুবুৰীয়াই মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে আজিৰ পৰা মাত্ৰ ছয়দিন পূৰ্বে জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱতো অকলশৰে থকা এগৰাকী মহিলাৰ ঘৰত নিশাৰ ভাগত ডকাইটৰ দল প্ৰৱেশ কৰি নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুটি নিছিল।

জামুগুৰিহাটত চাঞ্চল্য, ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ...
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আজি অন কেমেৰা হ'ব ভোটগণনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in