জামুগুৰিহাটত মৌজাদাৰৰ ছীল-মোহৰৰ লগতে নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হ'ল দুগৰাকী

জামুগুৰিহাটত মৌজাদাৰৰ ছীল-মোহৰৰ লগতে নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হ'ল দুগৰাকী

Published on

ডিজিটেল সংবাদ,জামুগুৰিহাট : মৌজাদাৰৰ ছীল-মোহৰ লগতে কাৰ্যালয়ৰ নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হ'ল জামুগুৰিহাটৰ এগৰাকী মহিলাসহ এজন পুৰুষ ৷ আদলতকো বিপথে পৰিচালিত কৰিব বিচৰা এই দুই পুৰুষ-মহিলাৰ কাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুয়োগৰাকীৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে জামুগুৰিহাটৰ ছিলাবন্ধা মৌজাৰ মৌজাদাৰ শৈলেন বৰকটকীয়ে জামুগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৰভগীয়া নিৱাসী প্ৰবীন ভট্ৰাচাৰ্য্য আৰু শলগুৰি ভেটখোৱাচুক নিৱাসী বীনা বৰাই মিলি জামুগুৰিহাটৰ ছিলাবন্ধা মৌজাৰ মৌজাদাৰৰ চহী, মাটিৰ খাজানা পত্ৰৰ লগতে ছীল-মোহৰ জালিয়াতি কৰি তেজপুৰ আদালতত জমা দিওঁতেই ধৰা পৰে ৷

অভিযোগ অনুসৰি কোনো অপৰাধীৰ পৰা শকত ধনৰ টোপোলা লৈ নথি জালিয়াতি কৰি আদালতৰ পৰা জামিনত আনিবলৈ যাওঁতেই তেওঁলোকৰ দুষ্কাৰ্য ধৰা পৰে ৷ দেশৰ ন্যায় ব্যৱস্থাক বিপথে পৰিচালিত কৰিব বিচৰা এনে অপৰাধীৰ এতিয়া কঠোৰ শাস্তিৰ দাৱী তুলিছে মৌজাদাৰ শৈলেন বৰকটকীৰ লগতে সচেতন মহলে ৷

জামুগুৰিহাটত মৌজাদাৰৰ ছীল-মোহৰৰ লগতে নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হ'ল দুগৰাকী
কলিতে মৰহি গ’ল ক্ৰিকেটাৰ হোৱাৰ আশা ! বিদ্যুৎস্পৃষ্ট হৈ অকাল বিয়োগ কিশোৰ ছাত্ৰৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in