বিশিষ্ট প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহক গহপুৰ মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

বিশিষ্ট প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহক গহপুৰ মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ মহকুমাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গানুগাঁৱৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ মঞ্চত গহপুৰ মহকুমা প্ৰশাসনে এখন প্ৰশংসা পত্ৰ আৰু এটা বিশেষ বঁটাৰে সন্মান জনায়। এই উপলক্ষে বিশ্বনাথ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰখনত প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহে নিজা উদ্যোগত বৃক্ষ ৰোপণ কৰি প্ৰকৃতি প্ৰেমৰ ক্ষেত্ৰত দেখুৱাই অহা নিদৰ্শনক শলাগ লয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দীৰ্ঘদিন ধৰি নৰহে প্ৰকৃতি সুৰক্ষাৰ হকে জীৱনৰ সুদীৰ্ঘ দিন বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰচাৰ বিমুখ মাৰ্কা নৰহে বিগত ১৯৮২-৮৩ চনৰ পৰা একাদিক্ৰমে সম্পূৰ্ণ নিজা উদ্যোগত বৃক্ষৰোপন কৰি প্ৰকৃতি প্ৰেমৰ আন্তৰিক নিদৰ্শন ডাঙি ধৰি আহিছে।

বৃহত্তৰ অঞ্চলটোৰ নামঘৰ,মন্দিৰ, শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় ঘাইপথ আৰু গাঁৱলীয়া পথৰ দাঁতিত নিজা উদ্যোগত গছপুলি ৰোপণ কৰি ৰাইজৰ সমাদৰ বুটলি অহা মাৰ্কা নৰহক গহপুৰ মহকুমা প্ৰশাসনে প্ৰশংসা পত্ৰ আৰু বঁটাৰে সন্মান জনোৱাত গহপুৰ মহকুমা প্ৰশাসনক আন্তৰিক কৃতজ্ঞতা জনাইছে স্থানীয় ৰাইজে। গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা আৰু সমবেত ৰাইজৰ উপস্থিতিত হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইডৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে মাৰ্কা নৰহে।

বিশিষ্ট প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহক গহপুৰ মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা
বোমাতংক ! শিৱসাগৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, ৰঙিয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in