ডিজিটেল সংবাদ,জামুগুৰিহাট : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জামুগুৰিহাট-টুপিয়া এলেকাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে তেজপুৰ দিশৰ পৰা আহি থকা AR -01-R -6011 ট্ৰাইবাৰ বাহনখনক একে দিশৰ পৰা অহা WB-23-F-7281 নম্বৰৰ মালবাহী ট্ৰাকখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে ৷
ফলত ট্ৰাইবাৰ বাহনখন বিধস্ত হোৱাৰ লগতে বাহনখনত অহা তিনিগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত আটাইৰে অৱস্থা অতি গুৰুতৰ দেখি উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
জানিব পৰা মতে আহত লোক কেইগৰাকী হৈছে- মধু লামা(৬০), কুমাৰী তামাং(৩৬) আৰু ৰিতা লামা(৩৭) ৷ আটাইকেইগৰাকীৰ ঘৰ গমিৰিৰ গধৰীয়া বস্তিত বুলি জানিব পৰা গৈছে ৷
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজন ঘটনাস্থলীৰ পলায়ন কৰে যদিও আহত হেণ্ডিমেন চেইখ ৰহমত(৩৮)ক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে৷
Also Read: ছেপ্তেম্বৰত মুক্তি পাব জুবিন গাৰ্গ অভিনীত বোলছবি ‘চিকাৰ’