ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ নদীদ্বীপ খ্যাত চিকমত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড৷ এই অগ্নিকাণ্ডত চিকম গাঁও নিৱাসী দালুন মিলিৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ এই অগ্নিকাণ্ডত ২দিনপূৰ্বে দালুন মিলিয়ে পোহনীয়া গৰু বিক্ৰী কৰি পোৱা নগদ ৯০ হেজাৰ টকা আৰু কচু বিক্ৰী কৰি লাভ কৰা নগদ ধন ৬০ হেজাৰ টকাসহ মুঠ ১ লাখ ৫০হেজাৰ টকাৰ নোট পুৰি ছাই হৈ যায় ৷
অগ্নিকাণ্ডত দালুন মিলিৰ নগদ ধন আৰু সোঁনৰ আ-অলংকাৰসহ প্ৰায় ৫ লাখ টকাৰ সম্পত্তিৰ লগতে ভোটাৰ আই দি, আধাৰ কাৰ্ড আদি সকলো নথিপত্ৰ জুইত জাহ যায় যদিও কথমপি ৰক্ষাপৰে পৰিয়ালটিৰ লগতে ওচৰচুবুৰীয়া লোক৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰা হয়। উল্লেখ্য যে, নদী দ্বীপটোলৈ নাৱেৰে যাবলগীয়া হোৱাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰিলে৷
Also Read: মন্ত্ৰী কেশৱ মহন্তৰ সভাত চিঞৰি চিঞৰি ক্ষোভ উজাৰিলে মহিলাই