বিশ্বনাথত তৃতীয় সংখ্যক 'ফ'ক টি ফেষ্টিভেল'ৰ আয়োজন

বিশ্বনাথত তৃতীয় সংখ্যক 'ফ'ক টি ফেষ্টিভেল'ৰ আয়োজন

Published on

ডিজিটেল সংবাদ, বিশ্বনাথঃ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ তথা লোক সংস্কৃতি আৰু দুঃসাহসিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বনাথত ২০২১ চনৰ পৰা আৰম্ভ হৈছিল 'ফ'ক টি ফেষ্টিভেল' (Folk Tea Festival)। এইবাৰো অহা ২৪ৰ পৰা ২৬ নৱেম্বৰলৈ চাহ বাগিচাৰ মাজত বিশ্বনাথ চাৰিআলিৰ সমীপৰ পাভৈত বিশদ কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 'ফ'ক টি ফেষ্টিভেল'। বিশিষ্ট কণ্ঠশিল্পী জয় বৰুৱাই অহা ২৪ নৱেম্বৰত বিয়লি ৩ বজাত তিনিদিনীয়া কাৰ্যসূচীৰ 'ফ'ক টি ফেষ্টিভেল'ৰ উদ্বোধন কৰিব বুলি ফেষ্টিভেলৰ আয়োজক সমিতিৰ হৈ দেৱব্ৰত মেধি আৰু ভাস্কৰ বৰাই এক সংবাদমেল যোগে জানিবলৈ দিয়ে।

আনহাতে অসমৰ চাহৰ ২০০ বছৰ উপলক্ষে এইবাৰ 'ফ'ক টি ফেষ্টিভেল'ত ইয়াৰ ইতিহাসৰ এখন চিত্র প্রদর্শনীৰ আয়োজন কৰা হৈছে। চাহ বাগিচাৰ ঠিক ভিতৰতে অনুষ্ঠিত হোৱা এইটোৱেই হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ প্রথম এনে প্রদর্শনী। এই প্রদর্শনীত দেখা যাব অসম চাহৰ ২০০ বছৰীয়া সমগ্র ইতিহাস।

এই প্রদর্শনীত গুৱাহাটীৰ চৰকাৰী কলা আৰু শিক্ষা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰিব। তাৰ পিছত মহাকাশৰ ওপৰত কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰ বাবে গুৱাহাটীৰ পৰা আহিব ৪জন জ্যোতিপদার্থবিজ্ঞানী।

তাৰোপৰি ভাৰতৰ চলচ্চিত্র বিভাগৰ প্রযোজনা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত চলচ্চিত্র নির্মাতা সমুজ্জ্বল কাশ্যপৰ পৰিচালনাত অসম চাহৰ ওপৰত 'কেমেলিয়া' নামৰ তথ্যচিত্র প্রদর্শন কৰা হ'ব।

দ্বিতীয় দিনাৰ আৰম্ভণি হ'ব বিখ্যাত খাদ্য বিশেষজ্ঞ অতুল লহকৰে চাহ বনোৱাৰ পাহৰি যোৱা কলা প্ৰদৰ্শনেৰে। ইয়াৰ উপৰিও পর্যটকসকলক চাহ ছিঙিবলৈ লৈ যোৱা হ'ব আৰু তাৰ পিছত কাৰখানা ভ্ৰমণ কৰি চাহ কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে প্রত্যক্ষভাৱে জানিব পাৰিব।

দুয়োটা সন্ধিয়াতে সংগীতৰ ক্ষেত্ৰখনত শান্তিনিকেতনৰ চাৰিজনীয়া বাউলৰ এটা গোটৰ উপৰিও ৰূপম ভূঞা আৰু অৰ্ঘোদীপ বৰুৱাৰ দৰে বিখ্যাত শিল্পীক লৈ সাংস্কৃতিক নিশাৰ আয়োজন কৰা হৈছে । তদুপৰি পৰ্যটক সকলে ঝুমুৰ আৰু ভাওনাৰ সৈতে দুয়োটা নিশা মুকলিকৈ থাকিব পাৰিব৷

তদুপৰি এইবাৰ দুঃসাহসিক অভিযানকাৰীৰ বাবে কেম্পিং হ'ব । কেম্পাৰসকলৰ বাবে প্ৰায় ২০টা টেণ্ট থাকিব। আনহাতে শেষৰ দিনা অৰুণাচল ফুট হিলছ-ছিজুচা আৰু প্ৰতাপগড় চাহ বাগিছাৰ মাজেৰে গাড়ী ৰেলী এখনো অনুষ্ঠিত হ'ব । আনহাতে মঙলবাৰৰ এই সংবাদেমলতেই 'ফ'ক টি ফেষ্টিভেল'ৰ কেইবাটাও প্ৰম' মুকলি কৰা হয়।

বিশ্বনাথত তৃতীয় সংখ্যক 'ফ'ক টি ফেষ্টিভেল'ৰ আয়োজন
আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in