জামুগুৰিহাটৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অঞ্চলত গোগামুখৰ সঁজাতি দল...

জামুগুৰিহাটৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অঞ্চলত গোগামুখৰ সঁজাতি দল...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অঞ্চলত গোগামুখৰ সঁজাতি দল...

ডিজিটেল সংবাদ, জামুগুৰিহাট : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংঙীয়াৰ পৃষ্ঠপোষকতাত ধেমাজি জিলাৰ গোগামুখ মিংমাং অঞ্চলৰ ২০খন গাঁৱৰ মুৰব্বী তথা মিচিং সমাজত অতীতৰ পৰা প্ৰচলিত গামসকলৰ এটি সজাতি দল জীয়াভৰলী মিচিং স্বায়ত্ব শাসিত অঞ্চলত উপস্থিত হয়। উপস্থিত দলটোৱে তেওলোকৰ পূৰ্ব্ব পুৰুষ সকলৰ জীৱন বৃত্তান্ত সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে ।

টি এম পি কে (TMPK) ৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিৰ নেতৃত্বত অহা গাম সকলৰ সঁজাতি দলটোৱে প্ৰথমে গ্ৰীণ ভিলেজখ্যাত বালিগাঁৱত সমাজ হিতৈষী বঁটাপ্ৰাপক কমিছন মিলিৰ লগত গ্ৰীণ ভিলেজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে। এই আলোচনাত জীয়াভৰলীৰ অঞ্চলত বসবাস কৰা মিচিং সকলৰ জীৱন শৈলী, সামাজিক অৰ্থনৈতিক, সাংস্কৃতিক দিশটোৰ ওপৰত মত বিনিময় কৰে ।

তাৰ পাছতে মিচিং মিমাগ কেবাংৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য পদেশ্বৰ মিলি আৰু মিচিং বানে কেবাং কেন্দ্ৰীয় সদস্য ৰূপম নৰহৰ সহযোগত বৃহত্তৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বালিগাও মিচিং, তিনিঘৰীয়া , ধাৰিকাটী, বৰদিকৰাই মিৰি আদিকে ধৰি বিভিন্ন গাঁৱসমূহ পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময়ৰ জৰিয়তে গাম নিয়োগৰ ব্যৱস্থা কৰে।

Also Read: গোৱালপাৰাত 'নিয়া'ৰ অভিযান : ৯গৰাকী মৌলবাদী আটক

jamugurihat Mising Autonomous Council