গহপুৰৰ টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দৱস্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

■উচ্চ মূল্যৰ নিবিদাকাৰীক বঞ্চিত কৰি নিম্ন মূল্যৰ নিবিদাকাৰীক দিলে বজাৰৰ বন্দৱস্তি। চাৰি বছৰ ধৰি নিবিদাৰ আহ্বান নকৰি গোপন বুজাবুজিৰে কম মূল্যত একেজন মহলদাৰকে দি আছে মিছামাৰী সাপ্তাহিক বজাৰৰ বন্দবস্তি।
গহপুৰৰ টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দৱস্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভাবে গুৰুত্ব দিয়া ৰাজহ সংগ্ৰহৰ ব্যৱস্থাক ধ্বংস কৰিবলৈ নিকৃষ্ট পন্থা গ্ৰহণ কৰিছে বিশ্বনাথ জিলা পৰিষদ আৰু গহপুৰৰ ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে। নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত ৰাজহ লোকচান কৰি উচ্চ মূল্যৰ নিবিদাকাৰীক প্ৰাপ্য সুবিধাৰ পৰা আঁতৰাই নিম্ন মূল্যৰ নিবিদাকাৰীক মোটা অংকৰ ধনৰ বিনিময়ত কাৰিবিল সাপ্তাহিক বজাৰৰ বন্দৱস্তি দিবলৈ বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে কৌশল তৈয়াৰ কৰাৰ বিষয়ে অসমীয়া প্ৰতিদিনৰ শুকুৰবাৰৰ সংখ্যাত তথ্য সহকাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দবস্তিৰ ক্ষেত্ৰতো একেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ আহিছে।

উল্লেখযোগ্য গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দবস্তিৰ বাবে যোৱা ২০ জুনত নিবিদা আহ্বান কৰি সেই তাৰিখতে নিবিদাসমূহ খোলাৰ ব্যৱস্থা কৰিছিল। সেই অনুসৰি-উক্ত টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দবস্তিৰ বাবে গৌৰৱ শইকীয়াই ৫,৯৯,৯৯৯টকা, শৈলেন শইকীয়াই ৫,৯২,৯৯৯টকা, সঞ্জীৱ দাসে ৪,৩১,০০১টকা,জিতু ৰাভাই ৩,৯১,৯৯৯টকা, অমিত খাতিয়ে ৩,৫৫,৫৫৫টকা, ব্ৰজেন বড়োৱে ২,৯৯,৯৯৯টকা, কমল বসুমতাৰীয়ে ২,২১,৯৯৯টকা, বিপ্লৱ দাসে ১,২০,০০০টকা, কৃষ্ণ কান্ত দাসে ১,০৫,০০০টকা, ভুৱন হাজৰিকাই ৯৯,৯৯৯টকা, দিগন্ত দাসে ৯৯,৯৯৯টকা,টংকেশ্বৰ দাসে ৯৯,৯৯৯টকা আৰু শৈলেন শইকীয়াই ৯৯,৯৯৯টকাৰ নিবিদা দাখিল কৰিছিল।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ ০১/০৭/২০২৩ ৰ পৰা ৩০/০৬/২০২৪ চনলৈ বন্দবস্তিৰ দিহা কৰা উক্ত টেটোনপুখুৰী সাপ্তাহিক বজাৰৰ বাবে উচ্চ নিবিদাকাৰীয়ে বন্দবস্তি পোৱাটো চৰকাৰী নিয়ম যদিও উক্ত নিয়মক জলাঞ্জলী দি ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে নিম্ন মূল্যৰ নিবিদাকাৰী দিগন্ত দাসক উক্ত বজাৰ বন্দোবস্তিৰ বাবে অনুমোদন দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজহ সংগ্ৰহৰ ব্যৱস্থাক পদপিষ্ট কৰি ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়া ও পদেন সদস্য অৰুণ কুমাৰ দাস আৰু সভানেত্ৰী ইনু বৰাই কি যুক্তিৰ আধাৰত উচ্চ মূল্যৰ নিবিদাকাৰীক বজাৰখনৰ বন্দবস্তি নিদি নিম্ন মূল্যৰ নিবিদাকাৰীক বন্দবস্তি দিলে সেয়া গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে। অসমৰ প্ৰতিটো চৰকাৰী বিভাগত স্বচ্ছতা অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে বজাৰ বন্দবস্তিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বিষয়টোৱে মুখ্যমন্ত্ৰীৰ সংস্কাৰ মূলক পদক্ষেপক তেওঁলোকে চূড়ান্তভাবে অপমান কৰা বুলি সচেতন ৰাইজৰ মাজত চৰ্চা হৈছে।

কেবল ইমানেই নহয় ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে মিছামাৰী সাপ্তাহিক বজাৰৰ বাবে চাৰি বছৰ ধৰি নিবিদাৰ জাননী নিদিয়াকৈ একেজন মহলদাৰকে বজাৰ চলাবলৈ দি অহাৰ অভিযোগ উথাপন হৈছে। জানিব পৰামতে-২০২০-২১ বিত্তীয় বৰ্ষৰ পৰাই মিছামাৰী সাপ্তাহিক বজাৰৰ বাবে নিবিদা আহ্বান কৰা নাই ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে। গাঁও পঞ্চায়ত এলেকাত থকা বজাৰৰ ক্ষেত্ৰত প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে নিবিদা আহ্বান কৰাটো চৰকাৰী নিৰ্দেশনা থকাৰ পিছতো ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে মিছামাৰী সাপ্তাহিক বজাৰৰ বাবে বছৰ বছৰ ধৰি নিবিদা আহ্বান নকৰি গোপন বুজাবুজিত একেজন মহলদাৰকে বজাৰখনৰ বন্দবস্তি দি আহিছে।

যিখন বজাৰৰ পৰা এটা বিত্তীয় বৰ্ষত ২৫ পৰা ৩০ লাখ টকা পৰ্যন্ত ৰাজহ সংগ্ৰহ হোৱাৰ হোৱাৰ যথেষ্ট উৎস আছে সেইখন মিছামাৰী সাপ্তাহিক বজাৰৰ বছৰি বন্দবস্তি মাত্ৰ ৮/১০ লাখ টকাতে দি এক মোটা অংকৰ মুনাফা লৈ আহিছে বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ বৰমুৰীয়াসকলে। নিবিদা আহ্বানৰ পৰিৱৰ্তে কেৱল ম্যাদ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ মাজেৰে সম্পূৰ্ণ নীতিবৰ্হিঃভূত ভাবে যোৱা চাৰিবছৰ ধৰি কম মূল্যৰ বিনিময়ত বজাৰখনৰ বন্দোবস্তি দি অহাৰ কাৰণে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাই আহিবলগীয়া হৈছে। কাৰিবিল, টেটোনপুখুৰী আৰু মিছামাৰী সাপ্তাহিক বজাৰ বন্দোবস্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা এই অনিয়মৰ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া নিত্যান্তই লক্ষণীয় হ'ব।

গহপুৰৰ টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দৱস্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
কাজিৰঙাত অধিকাংশ গ্ৰাম্যপথৰ দুৰৱস্থাঃ ৰাইজে পথসমূহৰ নামাকৰণ কৰিলে "আধা ৰাস্তা"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in