অসমৰ ভিতৰত ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ ৰশ্মিতা দেৱীৰ...

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজনীতি বিজ্ঞান বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ৯৯% শতাংশ লাভ ৰশ্মিতা দেৱীৰ

author-image
Asomiya Pratidin
New Update
অসমৰ ভিতৰত ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ ৰশ্মিতা দেৱীৰ...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজনীতি বিজ্ঞান বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ৯৯% শতাংশ লাভ কৰি কৃতীত্বৰ অধিকাৰী হৈছে ৰশ্মিতা দেৱী। বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰা ৰশ্মিতা দেৱীয়ে ঘোষিত ফলাফলত মুঠ ৪৬৩ (৯২.৬%) নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

ঘোষিত ফলাফলত তেওঁ ইংৰাজী বিষয়ত ৯১, অসমীয়াত ৯৩, অৰ্থনীতিত ৮৯, বুৰঞ্জীত ৯১, ৰাজনীতি বিজ্ঞানত ৯৯ আৰু গণিত বিষয়ত লাভ কৰে ৪৪ নম্বৰ। উল্লেখ্য ৰশ্মিতা দেৱী গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত গমিৰিৰ দীঘলী পথাৰ নিবাসী খগেন্দ্ৰ দাহাল আৰু শোভা দাহালৰ জীয়ৰী।

Also Read: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ : অ'ভেলত দুই শক্তিধৰৰ ৰণশিঙা

Assam Higher Secondary Education Council