বাসুদেৱ থানলৈ নিজ হাতেৰে খোদিত শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথ আগবঢ়ালে গোপাল কোঁচে

বাসুদেৱ থানলৈ নিজ হাতেৰে খোদিত শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথ আগবঢ়ালে গোপাল কোঁচে
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানলৈ সেৱা হিচাপে কাঠত নিজ হাতে খোদিত মহাভাৰতৰ শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ দৃশ্য সম্বলিতএখন ছবিৰ লগতে কাঠৰে নিৰ্মিত এখন শৰাই আগবঢ়ালে ভাস্কৰ্য্য শিল্পী গোপাল চন্দ্ৰ কোঁচে।

জামুগুৰিহাটৰ তৌভঙাৰ নবিল নিবাসী ভাস্কৰ্য্য শিল্পী গৰাকীয়ে বুধবাৰে পৰিয়ালসহ জামুগুৰিহাটৰ ঠেকেৰাগুৰিস্থ শ্ৰী শ্ৰী বাসুদেৱ থানত উপস্থিত হৈ এখন শৰাইৰ লগতে চাকিবন্তি জ্বলাই নিজ হাতে নিৰ্মাণ কৰা বস্তু দুপদ ঐতিহ্যমণ্ডিত থানখনলৈ আগবঢ়ায় ।

দীৰ্ঘদিন ধৰি মনতে ভাবি থকা বস্তু দুপদ আজি থানখনলৈ আগবঢ়াবলৈ পাই তেওঁ নিজকে ভাগ্যবান বুলি মন্তব্য কৰে ভাস্কৰ্য্য শিল্পী গৰাকীয়ে।উল্লেখ্য যে, জামুগুৰিহাটৰ তৌভঙাৰ ভাস্কৰ্য্য শিল্পী গোপাল চন্দ্ৰ কোঁচে কাঠ,বাঁহত নিৰ্মাণ কৰা বিভিন্ন ভাস্কৰ্য্য শিল্পই ইতিমধ্যে যথেষ্ট সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

বাসুদেৱ থানলৈ নিজ হাতেৰে খোদিত শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথ আগবঢ়ালে গোপাল কোঁচে
ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ সন্ধানহীন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in