ঠেলামৰাৰ আছাম অইলৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ পেট্ৰ'লৰ নামত বিক্ৰী পানী!

কেইবাখনো বাহন বিকল হোৱাত ক্ষতিপূৰণ দাবী উত্তেজিত ৰাইজৰ
ঠেলামৰাৰ আছাম অইলৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ পেট্ৰ'লৰ নামত বিক্ৰী পানী!
ঠেলামৰাৰ আছাম অইলৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ পেট্ৰ'লৰ নামত বিক্ৰী পানী!
Published on
Updated on

ডিজিটেল সংবাদ ওৰাংঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ কাষত অৱস্থিত আছাম অইল পেট্ৰ'ল ডিপোত আজি সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে, উত্তপ্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া হয়।

পেট্ৰ'ল ডিপোটোত সৃষ্টি হোৱা এনে উত্তেজনাময় পৰিস্থিতিৰ কাৰণ পেট্ৰ'লত পানী মিহলি। অভিযোগ অনুসৰি এই পেট্ৰ'ল ডিপোটোৰ পেট্ৰ'লত ওলাইছে পানী। যাৰ বাবে ইয়াৰ পেট্ৰ'ল ভৰোৱা বাহন বিকল হৈ পৰিছে।

আজি সন্ধিয়া এনে পানী মহিলোৱা পেট্ৰ'ল ভৰাই বাহন বিকল হৈ পৰা শতাধিক ভুক্তভোগী লোকে ক্ষতিপূৰণ বিচাৰি পেট্ৰ'ল ডিপোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অভিযোগ অনুসৰি ঠেলামৰাৰ উক্ত আছাম অইল পেট্ৰ'ল ডিপোৰ পৰা যান বাহনত পেট্ৰ'ল ভৰ্তি কৰাৰ পিছতেই বিকল হৈ পৰিছে শতাধিক যান বাহন৷

আজি তেনে বিকল হৈ পৰা বাইকৰ টেংকি খুলি দেখে যে, পেট্ৰ'লৰ বিপৰীতে আছে পানী৷ কেৱল সাধাৰণ লোকৰে নহয় স্বয়ং আৰক্ষীৰো বাহন বিকল হৈছে এই পেট্ৰ'ল ডিপোৰ পেট্ৰ'ল ভৰাই।

সেয়ে এই লোকসকলে আজি ক্ষতিপূৰণ বিচাৰি পেট্ৰ'ল পাম্পটোত সৃষ্টি কৰে উত্তেজিত পৰিস্থিতি। এই পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে এনে অভিযোগ এয়াই নতুন নহয়। ইয়াৰ পূৰ্বেও এনে বহু অভিযোগ উত্থাপন হৈ আহিছে। সেয়ে আজি এই উত্তেজিত লোকসকলে কেৱল ক্ষতিপূৰণ দিয়াই নহয় শীঘ্ৰেই ইয়াক বন্ধ কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in