ৰঙাপৰাত যাত্ৰীবাহী ৰে'লত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

ৰঙাপৰাত যাত্ৰীবাহী ৰে'লত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰাত যাত্ৰীবাহী ট্ৰেইনত গাঞ্জা জব্দ কৰা হৈছে। ৰঙিয়াৰ পৰা মুৰ্কঙচেলেক অভিমুখী যাত্ৰীবাহী ট্ৰেইনত ৰঙাপৰা জি,আৰ,পি আৰু আৰ,পি,এফে যুটীয়া অভিযান চলাই ৰেলৰ দুটা দবাৰ চিটৰ তলত ১৮ কেজি ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

ভাষ্য অনুসৰি যাৰ বজাৰ মূল্য হৈছে ১ লাখ ৮৫ হাজাৰ টকা । আনহাতে একেখন ৰেলতে আন এজন যুৱকৰ পৰা ৫ কেজি ৮০০ গ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

সৰবৰাহকাৰীটোৰ গোৱালপাৰাৰ চিৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। গাঞ্জাখিনিৰ মূল্য ৫০ হাজাৰ টকা।

ৰঙাপৰাত যাত্ৰীবাহী ৰে'লত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ
ভাতৃৰ প্ৰতি ভগ্নীৰ অপাৰ মৰমৰ নিদৰ্শন 'ৰাখী বন্ধন'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in