চতিয়াত কিশোৰী প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ প্ৰেমিক আৰু দুই সতীৰ্থৰ...

দেওবাৰে নিশা সংঘটিত হৈছিল এই জঘণ্য কাণ্ড
চতিয়াত কিশোৰী প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ প্ৰেমিক আৰু দুই সতীৰ্থৰ...
চতিয়াত কিশোৰী প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ প্ৰেমিক আৰু দুই সতীৰ্থৰ...
Published on
Updated on

ডিজিটেল সংবাদ চতিয়াঃ চতিয়াত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। কিশোৰী প্ৰেমিকাক সাংস্কৃতিক অনুষ্ঠান চাবলৈ মাতি নি সংঘটিত কৰিলে দলবদ্ধ ধৰ্ষণ।

প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে চতিয়াৰ ঘিলাধাৰী বাগানত আছিল এক সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী। এই সাংস্কৃতিক অনুষ্ঠান চাবলৈ মনোজ তাছা নামৰ এজন যুৱকে তেওঁৰ কিশোৰী প্ৰেমিকাক লগত লৈ যায়।

বালিছাং আৰক্ষী চকীৰ অন্তৰ্গত নাহৰণিৰ এই কিশোৰীগৰাকীক নিশা প্ৰেমিক মনোজ তাছাই আন দুজনৰ সৈতে মিলি দলবদ্ধ ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি নিশাৰ অনুষ্ঠান চাবলৈ যোৱাৰ সময়ত এটা পৰিত্যক্ত গৃহত তিনি পাষণ্ডই সংঘটিত কৰে এই অপকৰ্ম।

ইতিমধ্যে আৰক্ষীয়ে মনোজ তাছাৰ লগতে নিপু তাছা আৰু সুশীল পান তাঁতী নামৰ আন দুই দুৰ্বৃত্তকো আটক কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in