গহপুৰত অঘটন : জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল শহুৰেকৰ

গহপুৰত অঘটন : জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল শহুৰেকৰ

author-image
Asomiya Pratidin
New Update
গহপুৰত অঘটন : জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল শহুৰেকৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবস্তিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। বগীৰাম কাৰ্কী(৫২) নামৰ জোঁৱায়েকজনে নিজ শহুৰেক এত্ন বাহাদুৰ থাপা(৭৫)ক হত্যা কৰি শনিবাৰে পুৱা বগীৰামে হেলেম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। জানিব পৰামতে কৰ্মসূত্ৰে এত্ন বাহাদুৰ থাপাৰ জীয়াৰী বহিঃ ৰাজ্যত থাকে। সেইবাবে শহুৰেক এত্ন বাহাদুৰ আৰু জোঁৱায়েকে বগীৰাম কাৰ্কী প্ৰায়েই একেলগে নিশা যাপন কৰে যদিও শুকুৰবাৰে নিশা কি কাৰণত নিজ শহুৰেকক জোৱাইকে হত্যা কৰিলে তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

দুয়োৱে একেলগে মদ্যপান কৰাৰ পাছত কথাৰ কটাকটি হোৱাৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কুৰুৱাবস্তী অঞ্চলত চলি থকা অবৈধ চুলাই মদৰ ঘাটি উৎখাত নকৰিলে এনেধৰণৰ জঘন্য অপৰাধ আৰু সংঘটিত হৈ থাকিব বুলি মত প্ৰকাশ কৰিছে সচেতন ৰাইজে।

সেয়েহে সচেতন ৰাইজে গহপুৰ মহকুমা প্ৰশাসনক এই অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা উৎখাত কৰাৰ আহ্বান জনাইছে। ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যাবৱয় আইনী ব্যৱস্থা গ্ৰহণ কৰে।

Also Read: ধুবুৰীত ডাক আৰু আৰ এম এছ কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ

gohpur