তৌভঙাত সনাতন কীৰ্তন সংঘৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

গীত-নৃত্যৰ আয়োজন
তৌভঙাত সনাতন কীৰ্তন সংঘৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙা নবিলৰ তৰাজান গাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয়।

পুৱা পতাকা উত্তোলনৰ পিছতে সনাতন কীৰ্তন সংঘৰ উদ্যোগত সভাপতি প্ৰদীপ শৰ্মা আৰু সম্পাদক কুমাৰ ভট্টাৰাইৰ বিশেষ তৎপৰতাত আয়োজন কৰা হয় বিভিন্ন গীত নৃত্য আৰু চকী খেল আদিৰ প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত অৰ্দ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে সমাজকৰ্মী ক্ষেমৰাজ চেত্ৰী, গোবিন কাৰ্কি , শিক্ষয়িত্ৰী বালা দেবী , শিক্ষক চুৰজ প্ৰধান, অধিবক্তা ৰাজীৱ শৰ্মাই। আনহাতে অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।

তৌভঙাত সনাতন কীৰ্তন সংঘৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়াত এবিভিপিৰ ৰংগোলী প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in