ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন

ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন

Published on

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ অঞ্চলৰ ইটাখোলাৰ খেৰবাৰীস্থিত ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আমাৰ মাটি আমাৰ ভবিষ্যত শ্লোগানেৰে ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ এক সজাগতামুলক শোভাযাত্ৰা উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰা হয় ।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ডিপলোঙা আঞ্চলিক বন বিষয়া ভানুৰঞ্জন বৰা আৰু বনকৰ্মীসকলে। ইয়াৰ পিছতে ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বনবিভাগৰ তৰফৰ পৰা একোটাকৈ গছ পুলি প্ৰদান কৰাৰ লগতে বিদ্যালয় চৌহদত বনাঞ্চলিক বিষয়াগৰাকীয়ে বৃক্ষৰোপণ কৰি বিশ্ব পৰিবেশ দিৱস ওপৰত মন্তব্য আগবঢ়ায়।

বিষয়াগৰাকীয়ে কয়- গছ থাকিলেহে মানুহ থাকিব ৷ গতিকে আমি পৰিবেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থতে বৃক্ষৰোপন কৰাটো অপৰিহাৰ্য ৷ গছ পুলিসমূহ আমি কেৱল ৰোপন কৰিলেই নহ'ব, ইয়াক আমি নিজৰ সন্তানৰ দৰেই লালন-পালন কৰিবও লাগিব ৷

শেষত বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলক লৈ এখন সজাগতা সভাও অনুষ্ঠিত হয় ৷ সভাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ একাংশই গীত নৃত্য আদি পৰিবেশনৰ জৰিয়তে আনন্দময় পৰিবেশ সৃষ্টি কৰে ৷

ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
নীট পৰীক্ষাত ধলাইবিলৰ ভাৰ্গৱ বৰাৰ সাফল্য
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in