জামুগুৰিহাট ইটাখোলা আৰক্ষীৰ সাফল্যঃ ২৩ ‌কাৰ্টুন অৰুণাচলী সুৰাসহ আটক...

জামুগুৰিহাট ইটাখোলা আৰক্ষীৰ সাফল্যঃ ২৩ ‌কাৰ্টুন অৰুণাচলী সুৰাসহ আটক...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা আৰক্ষীয়ে শনিবাৰে বিয়লি এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই অৰুণাচল প্ৰদেশৰ পৰা কঢ়িয়াই অনা ২৩ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জোতি শইকীয়াৰ বিশেষ তৎপৰতাত অসম-অৰুণাচল সীমান্তৰ বালিজুৰীত চলোৱা হয় এই অভিযান।

অভিযানত অৰুণাচল প্ৰদেশৰ চিজুচাৰ পৰা এখন এ এছ-০১-এপি-০২১০ নম্বৰৰ মাৰুতি এলটো বাহনসহ নাগশংকৰ মেটেৰাগাঁৱৰ নৱজ্যোতি দাস নামৰ চালকজনক সুৰাসহ আটক কৰি ইটাখোলা আৰক্ষী চকীলৈলৈ নিয়ে। উল্লেখযোগ্য যে, বিগত সময়চোৱাত উক্ত অঞ্চলটোত মদ, ভাং, অৰুণাচলী সুৰা, ড্ৰাগছ সৰবৰাহ চলি থকাটো এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অসামাজিক কাৰ্য-কলাপ ৰোধ কৰিবলৈ দৈনিক চেষ্টা কৰিছে যদিও একাংশ অসাধু লোকে সময় সময়ে এনেবোৰ অসামাজিক কাৰ্য-কলাপ বিনাদ্বিধাই চলাই আহিছে।

জামুগুৰিহাট ইটাখোলা আৰক্ষীৰ সাফল্যঃ ২৩ ‌কাৰ্টুন অৰুণাচলী সুৰাসহ আটক...
ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত আতংকিত নৈপৰীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in