সুৰা, জুৱাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতিঃ পত্নী, সন্তানকে ধৰি ৪ জনক দাৰে ঘপিয়ালে এজনে...

জামুগুৰিহাটত চাঞ্চল্যকৰ ঘটনা
সুৰা, জুৱাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতিঃ পত্নী, সন্তানকে ধৰি ৪ জনক দাৰে ঘপিয়ালে এজনে...
সুৰা, জুৱাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতিঃ পত্নী, সন্তানকে ধৰি ৪ জনক দাৰে ঘপিয়ালে এজনে...
Published on
Updated on

ডিজিটেল সংবাদ জামগুৰিহাটঃ জামুগুৰিহাটৰ গুৱালগাঁৱত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱকে নিজ পৰিয়ালৰ চাৰিজনকৈ সদস্যক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাই গুৰুতৰভাৱে আহত কৰিছে।

জানিব পৰা মতে ৰাহুল দাস ওৰফে নিটুল নামৰ যুৱকজনে এই কাণ্ড সংঘটিত কৰিছে। ৰাহুলৰ দাৰ ঘাপত আহত হৈছে তেওঁৰ পত্নী ৰেখা দাস (২৬) জীয়ৰী পৰিস্মিতা দাস (১২), শহুৰ সোমেশ্বৰ দাস (৫০) আৰু শাহু অৱন্তী দাস (৪৫)।

আহত এই আটাইকেইজনকে প্ৰথমে জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত চাৰিওজনকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই এই কাণ্ড সংঘটিত হয়।

ইফালে জামুগুৰি আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী ৰাহুলক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে মঙ্গলবাৰে নিশা সুৰা সেৱন কৰা আৰু জুৱা খেলক কেন্দ্ৰ কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰাহুল। ইয়াৰ পিছতে পত্নীক মাৰধৰ কৰি পঠিয়াই দিছিল পিতৃগৃহলৈ।

আজি দিনৰ ভাগত ৰাহুল দাস নামৰ এই যুৱকজনে লগত দা-খুকুৰী লৈ  শহুৰেকৰ ঘৰত গৈ উপস্থিত হয় আৰু একপ্ৰকাৰে উন্মাদ হৈ পৰে। ইয়াৰ পিছত প্ৰথমে পত্নীক তাৰ পাছত ১২ বছৰীয়া জীয়ৰীক আক্ৰমণ কৰে আৰু পৰৱৰ্তী সময়ক শহুৰেক আশু শাহুকো আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

সুৰা, জুৱাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতিঃ পত্নী, সন্তানকে ধৰি ৪ জনক দাৰে ঘপিয়ালে এজনে...
২২ গজত ভাৰতৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in