ডিজিটেল সংবাদ,জামুগুৰিহাটঃ লক্ষ্মী পূজাৰ দিনটোতেই জামুগুৰিহাটৰ মাধৱ গাঁৱত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাধৱ গাঁৱৰ উৰণ সেঁতুৰ সমীপৰ অৱসৰী শিক্ষক প্ৰদীপ ভূঞাৰ বাসগৃহৰ পৰা নিশা প্ৰায় ৬ লক্ষাধিক টকাৰ গহণা আৰু নগদ ২০ হাজাৰ টকা লৈ উধাও হয় দুৰ্বৃত্তৰ দল৷
চিকিৎসাজনিত কাৰণত মঙলবাৰে গুৱাহাটীলৈ যোৱা পৰিয়ালটো বুধবাৰে পুৱতি নিশা ঘৰলৈ উভতি অহাৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত হয়৷ দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ পিছফালৰ দৰ্জাৰ তলা ভাঙি ভিতৰত সোমাই দুটাকৈ গডৰেজৰ লকাৰ ভাঙে, সকলো আচবাব লণ্ডভণ্ড কৰি লুটি নিয়ে সোণৰ আ-অলংকাৰ সহ নগদ ধন৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া শিক্ষক দম্পত্তীয়ে ৷ উল্লেখ্য যে বিগত কেইবামাহো ধৰি সঘনাই জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চিলনী চোৰে মহিলা যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ লগতে ধৰ্মীয় অনুষ্ঠান নামঘৰ,মন্দিৰ,ব্যক্তিগত বাসগৃহ আদিত চুৰিকাণ্ড সংঘটিত কৰি আহিছে চোৰৰ দলে৷
জামুগুৰি আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি সঘনাই সংঘটিত হৈ অহা এই চুৰিকাণ্ডসমূহৰ লগত জড়িত এনে দুৰ্বৃত্তক আজিকোপতি কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সক্ৰিয় হ’বলৈও আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে৷
Also Read: বাসুগাঁৱত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এগৰাকী মহিলা নিহত