কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা আটক নাৰী দেহ সৰবৰাহকাৰী

কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা আটক নাৰী দেহ সৰবৰাহকাৰী
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি: শনিবাৰে ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে নগাঁও জিলাৰ কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা ধেমাজিৰ দুই কিশোৰীক নাৰী সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ কৰে। লগতে এখন বাহন সহ দুই নাৰী সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে ৩০ আগষ্টৰ পুৱাতেই ধেমাজি হাতীগড় বালিজান কছাৰী গাঁৱৰ কিশোৰীদ্বয়ে নাৰী সৰবৰাহকাৰীৰ নিৰ্দেশ মৰ্মে পুৱাই পলায়ন কৰে।

একেদিনাই পুৱা ধেমাজি ৰে'লৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি বিয়লি গহপুৰ ৰে'লৱে ষ্টেচনত উপস্থিত হয়৷ ইতিমধ্যে পূৰ্বেৰে পৰা ৰে'লৱে ষ্টেচনত অপেক্ষা কৰি থকা ধেমাজি বুটিকোৰৰ ৰশ্মি ৰেখা ডেকাবৰুৱা নামৰ যুৱতী গৰাকীয়ে দলে উপাধি এজন লোকৰ সৈতে এখন এল্ট গাড়ীৰে কিশোৰী দুগৰাকীক লৈ নাৰী সৰবৰাহকাৰীক গতাই দিয়ে। পিছত দলটোৱে অৰুণাচলৰ ইটানগৰৰ দিশে যাত্ৰা কৰে ৷

ইফালে নিৰুদ্দেশ হোৱা দুই কিশোৰী পৰিয়ালৰ লোকে ধেমাজি সদৰ আৰক্ষীক অৱগত কৰে ৷ ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোনটি হাজৰিকাৰ তৎপৰতাৰ বাবেই ৰাতিয়েই তাৎক্ষণিকভাৱে কিশোৰী দুগৰাকীৰ মোবাইল ফোনৰ লোকেচন ট্ৰেক কৰি ইটানগৰলৈ নি থকা বুলি গম পাই অৰুণাচলৰ আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু চতুৰ নাৰীদেহ সৰবৰাহকাৰী চক্ৰটোৱে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইটানগৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ পলায়ন কৰা অৱস্থাতে নগাঁও জিলা কলীয়াভোমোৰা দলঙৰ সমীপৰ পৰা ধেমাজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে AS01FQ 2556 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা কিশোৰী দুগৰাকীক আটক কৰে। লগতে বাক্সা জিলাৰ মুক্তাৱ আলি আৰু বঙাইগাঁও জিলাৰ মুবাৰক আলি নামৰ দুই নাৰী দেহ ব্যৱসায়ী সৈতে ৰশ্মি ৰেখা ডেকাবৰুৱা নামৰ যুৱতী গৰাকীক আটক কৰে ধেমাজি আৰক্ষীয়ে ৷ ইতিমধ্যে ধেমাজি আৰক্ষীয়ে কিশোৰী দুই গৰাকীৰ সৈতে আটক হোৱা তিনিজনকে আৰক্ষীয়ে সোধপোছ অবাহত ৰাখিছে ৷ ইফালে ঘটনাৰ সংক্ৰান্তত ধেমাজি আৰক্ষীয়ে ১৫৯/ ২০২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা তিনিওকে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰায়৷

কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা আটক নাৰী দেহ সৰবৰাহকাৰী
চিৰাঙত বিজেপিৰ সভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in