ধলাইবিল পাৰিছৰ উদ্যোগত ৰাজহুৱা কৰম উৎসৱ উদযাপন

ধলাইবিল পাৰিছৰ উদ্যোগত ৰাজহুৱা কৰম উৎসৱ উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ গেদেৰীযান কেথলিক গীৰ্জা প্ৰাংগনত ধলাইবিল পাৰিছৰ উদ্যোগত ধান গলা আৰু চাউল গলা গোটৰ সহযোগত দেওবাৰে সপ্তম বাৰ্ষিক ৰাজহুৱা কৰম উৎসৱ উদযাপন কৰা হয় ৷ 'আপন সংস্কৃতি‌ কে মানব আৰু আপন জীৱন কে আৰু বেহেতৰ বনাব' এই মূল মন্ত্ৰকেই সৰোগত কৰি পালন কৰা হয় কৰম উৎসৱ ।

এই উপলক্ষে পুৱাই মাংগলিক নীতি নিয়মেৰে কৰম দাল কাটি আনি পূজা অৰ্চনা কৰা হয় ৷ কৰমৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই বিহালীৰ পাৰিছৰ সহকাৰী ফাদাৰ মাইকেল ট্ৰপই ৷ ইয়াৰ পিছতে দহটাৰো অধিক কৰম দলক লৈ আয়োজিত কৰম নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ফাদাৰ এলভিউছ কেৰকেটাই।

প্ৰতিযোগিতাখনিত আদিবাসী যুৱক যুৱতীসকলে পৰিবেশন কৰা কৰমৰ গীত নৃত্যই সকলোৰে মন আপ্লুত কৰা পৰিলক্ষিত হয় ৷ অঞ্চলটোৰ কেইবা শতাধিক ৰাইজ তথা পুৰুষ মহিলা যুৱক যুৱতী আৰু বহুকেইগৰাকী গন্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰম উৎসৱৰ অনুষ্ঠানটিৰ আঁত ধৰে আয়োজক কমিটিৰ সম্পাদক ইমানুৱেল চোচাই ৷

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জখলাবন্ধা পাৰিছৰ ফাদাৰ পাংক্ৰাছ ইউছ ছৰেন আৰু ধলাইবিল পাৰিছ ফাদাৰ চুছিল জন চৰেণে । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ধান গলা আৰু চাউল গলা গোটৰ পৰ্যবেক্ষক আৰ্চিলিন বাৰ্জ ,চিলিনা বাগে ,কুমলিনা লগোন কে ধৰি গণ্য মান্য ব্যক্তিসকলে।

ধলাইবিল পাৰিছৰ উদ্যোগত ৰাজহুৱা কৰম উৎসৱ উদযাপন
প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাস আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in