বালিপৰাত নিৰ্মাণ হ'ব উত্তৰপাৰৰ ভিতৰত সৰ্ববৃহৎ মন্দিৰ

বালিপৰাত নিৰ্মাণ হ'ব উত্তৰপাৰৰ ভিতৰত সৰ্ববৃহৎ মন্দিৰ

Published on

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ বালিপৰাত নিৰ্মান হ'ব উত্তৰপাৰৰ ভিৰতৰত সৰ্ববৃহৎ এটি মন্দিৰ । কাল নিৱাৰণ নামেৰে নামাকৰণ কৰা এই মন্দিৰৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰা হয়।

আধাৰশিলা স্থাপন কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । বালিপৰাৰ গোবিন্দপুৰ ৰাইজৰ উদ্যোগত তথা বালিপৰাৱাসী ৰাইজৰ সহযোগত ৪কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয়- বিগত ৩বছৰ ধৰি স্থানীয় ৰাইজে এক সংকল্পৰে ব্ৰত কৰি প্ৰায় ১০০ ফুট উচ্চতাৰ এই মন্দিৰ নিৰ্মানৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগবঢ়াব । ইফালে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভূমিপূজনো কৰা হয় ।

বালিপৰাত নিৰ্মাণ হ'ব উত্তৰপাৰৰ ভিতৰত সৰ্ববৃহৎ মন্দিৰ
বৰাকত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা : বুজ ল'লে বান পৰিস্থিতিৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in