পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...

হোজা কৃষকক ঠগ-প্ৰবঞ্চনৰে গাড়ী বিক্ৰীৰ অভিযোগ মিচন চাৰিআলিস্থিত মহাভৈৰৱ অট' এল এল পি (মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা) ডিলাৰৰ বিৰুদ্ধে
পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...
পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ তেজপুৰ মিচন চাৰিআলিস্থিত মহাভৈৰৱ অট' এল এল পি (মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা) ডিলাৰে পুৰণি গাড়ীকেই ৰং-তেল ঘঁহি নতুনকৈ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই অভিযোগ নদুৱাৰ সমষ্টিৰ পাচমাইল বিৰিয়া গাঁৱৰ আব্দুল কাচেমৰ ৷

যোৱা ২৩ আগষ্টত আব্দুল কাচেমে উক্ত ডিলাৰটোৰ পৰা ফাইনেঞ্চ কোম্পানীৰ জৰিয়তে প্ৰায় পাচঁ লাখ টকাৰ এখন অট' টেম্পো (BX-6) ক্ৰয় কৰিছিল ৷ গাড়ীখন ক্ৰয় কৰি অনাৰ ১৫ দিনৰ পাচতেই অচল হোৱাত গৰাকীয়ে ট্ৰেক্টৰ লগাই টানি নি ডিলাৰক গটাই দিয়ে ৷

প্ৰায় ডেৰ মাহৰ অন্তত ডিলাৰৰ কৰ্তৃপক্ষই গাড়ীখনৰ ইঞ্জিন মেৰামতি কৰি গৰাকীক খবৰ দিয়ে যদিও ২৬ হেজাৰ টকাৰ খৰছৰ বিল দাখিল কৰে ৷ গাড়ীৰগৰাকীয়ে এই ঘটনাত হতবাক হৈ ইঞ্চুৰেঞ্চৰ কথা কয় যদিও ইঞ্চুৰেঞ্চ ক্লেইম নাখাটে বুলি দাবী ধমকি দিহে পঠিয়াই দিয়ে ৷

গোটৰ পৰা নব্বৈ হাজাৰ টকা ধাৰ লৈ গাড়ীখন ক্ৰয় কৰি এতিয়া মাহিলী দহ হাজাৰ টকাকৈ গাড়ীৰ কিস্তি দিব নোৱাৰি চিন্তিত হৈ পৰিছে দুখীয়া কৃষক আব্দুল কাচেম৷

পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...
১৫ খন দেশৰ প্ৰতিনিধিৰে গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in