ডিজিটেল সংবাদ,বিহালী : উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিহালী বিধানসভা সমষ্টিত ১৭ টা পঞ্চায়তত বৃহস্পতিবাৰে বিজেপিৰ ১৭ টা কাৰ্যালয় মুকলি কৰা হয় ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বিধায়ক দিগন্ত কলিতা, প্ৰমোদ বৰঠাকুৰ, ভূবন পেগু আৰু উৎপল বৰাই কাৰ্যালয়কেইটা পৃথকে পৃথকে মুকলি কৰে ৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে বুধবাৰে সন্ধিয়াৰে পৰা বিহালীত বাহৰ পাতি আছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বিহালীৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ বিজেপিৰ বাবে আশীৰ্বাদ বিচাৰিছে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে গৌৰৱ গগৈ ২০২৬ চনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব বুলি চলা চৰ্চাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আকাশত চাং পতা কথা কোনোবাই ক'ব পাৰে, ২৬তো নহয়েই কেতিয়া হ'ব মই নাজানো ৷ ২৬ চনত আমিয়েই চৰকাৰ গঠন কৰিম। হিমন্ত বিশ্ব শৰ্মা আকৌ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কয় ৷
ইফাল শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব বিহালী সমজিলাৰ কাৰ্যালয় ৷ লগতে বেদেতী মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰা হ'ব ৷ দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকা আৰু ৰণোজ পেগু ৷
Also Read: আদিবাসী গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদ