গহপুৰত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ...

গহপুৰত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, গহপুৰঃ বৃহস্পতিবাৰে গহপুৰত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা । মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ লগতে ভগ্ন মথাউৰি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে গহপুৰত উপস্থিত হয়। আজি গহপুৰ ব্ৰহ্মাজান ডফলাগৰৰ উত্তৰ কেকুৰীজান, চত্ৰং, ডুবিয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই ।

অঞ্চলটো পৰিদৰ্শন কৰি অতি শীঘ্ৰেই মথাউৰিৰ সমস্যা সমাধান হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । তদুপৰি মন্ত্ৰী হাজৰিকাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সম্পৰ্কত কয় যে, "তেওঁ কমিচন বৰা, এইবাৰ ৰঙানদীলৈ তেওঁ গৈ আছে । ৰঙানদীবাসীক ভূপেন বৰাৰ পৰা সাৱধানে থাকিব ।"

গহপুৰত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ...
চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in