'মই উত্তৰ অসমৰ ডন-গুণ্ডা, উত্তৰ অসমৰ কাৰণে হাজাৰ বাৰ গুণ্ডাগিৰি কৰিম'- পদ্ম হাজৰিকা

বিহালীত বিধায়ক পদ্ম হাজৰিকাৰ সংবাদ মেল

author-image
Asomiya Pratidin
New Update
'মই উত্তৰ অসমৰ ডন-গুণ্ডা, উত্তৰ অসমৰ কাৰণে হাজাৰ বাৰ গুণ্ডাগিৰি কৰিম'- পদ্ম হাজৰিকা

'মই উত্তৰ অসমৰ ডন-গুণ্ডা, উত্তৰ অসমৰ কাৰণে হাজাৰ বাৰ গুণ্ডাগিৰি কৰিম'- পদ্ম হাজৰিকা

ডিজিটেল সংবাদ বিহালীঃ শাসকীয় দল বিজেপিৰ প্ৰবীণ ৰাজনীতিক তথা প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্তৰ দূৰ্গ বিহালীত অনুষ্ঠিত উপ নিৰ্বাচনী ৰাজনীতি গৰম হৈ পৰিছে৷ ইতিমধ্যে বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত আৰম্ভ হৈছে বাক্ বিতণ্ডা ৷

তাৰ মাজতে আজি বিহালী বৰগাংত সংবাদ মেল আয়োজন কৰি বিহালী উপ নিৰ্বাচনী ৰাজনীতি পথাৰ গৰম কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদ মেলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনৰ ক'লা দিনৰ পৃষ্ঠা লুটিয়াই বিৰোধী কংগ্ৰেছ দলৰ নেতা, সাংসদ তথা বিহালী উপ নিৰ্বাচনৰ তত্বাৱধায়ক গৌৰৱ গগৈক উভটি ধৰে ৷

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি সংবাদ মেলত কয় যে, সাংসদ গৌৰৱ গগৈয়ে বাহিৰত পঢ়ি-শুনা কৰি আহি কলিয়াবাৰ সংসদীয় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰা সময়ত বিহালীত হত্যা-হিংসাৰ জুই জ্বলিছিল৷ সেই সময়ত বিহালীত উগ্ৰপন্থীৰ দলে শাৰী-শাৰী কৰি AK47 বন্দুকৰ গুলীৰে হত্যাযজ্ঞ কৰিছিল৷

আজিৰ দৰে সেই সময়ত সাংসদ গৌৰৱ গগৈৰ বিহালীত উপস্থিত হ'বলৈ মন যোৱা নাছিল ৷ বিহালীত উগ্ৰপন্থীৰ গুলীত মৃত হোৱা মানুহৰ খবৰলৈ মন নগ'ল৷ আনকি সাংসদ গৌৰৱ গগৈয়ে দিল্লীৰ সদনৰ মজিয়াত সেই বিষয় সমূহ উপস্থাপন কৰি সেই সময়ত সেই হত্যালীলাৰ নিন্দা নকৰিলে৷

গৌৰৱ গগৈয়ে সেই হত্যালীলাৰ বিপক্ষে কঠোৰ পদক্ষেপ ল'বলৈ এবাৰো আৱাজ কিয় নিদিলে কাৰণ সেই সময়ত তেওঁৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল ৷ তেওঁ যদি সেই ঘটনাৰ নিন্দা কৰিলে, প্ৰতিবাদ কৰি পিতৃৰ পজিচন বেয়া হ'ব ভাবি মাত মতা নাছিল৷

বিহালী নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈয়ে বিহালীৰ হাতী-মানুুহৰ সংঘাট বিজেপি চৰকাৰৰ বাবে বৃদ্ধি পোৱা বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰত চতিয়া বিধায়ক পদ্ম হাজৰিকাই কয় যে, আমি বিচাৰোঁ হাতী-মানুহৰ সংঘাট নোহোৱা হ'ব লাগে ৷ সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কৈছে ভাৰতীয় জনতা পাৰ্টিৰ দিনত বিহালীত জংঘল নোহোৱা কৰি দিছে যাৰ ফলত হাতী-মানুহৰ সংঘাট বাঢ়িছে৷

কংগ্ৰেছৰ দিনত হাতী-মানুহৰ সংঘাট যিমান হৈছিল বৰ্তমান হাতী-মানুহৰ সংঘাট হ্ৰাস পাইছে৷ বিধায়ক পদ্ম হাজৰিকাই কয় যে, আমি গৌৰৱ গগৈক জনাও যে, এইবছৰত বিহালী ৰিজাৰ্ভত ৭০০ হেক্টৰ বিঘা মাটিত বৃক্ষ ৰোপন কৰা হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত ইমান ভূমিত বৃক্ষ ৰোপন কৰাৰ তথ্য আছেনে বুলি গৌৰৱ গগৈক প্ৰশ্ন কৰে৷

তদুপৰি বিধায়ক হাজৰিকাই সংবাদ মেলত দাবী কৰে যে, চেটেলাইট ইমেজৰ ৰিপৰ্টটো যদি বৰ্ষ অনুসৰি চালে দেখা পোৱা যায় যে বিগত ২০১৬-১৭ চনৰ পৰা বিহালীত কোনো বেদখল হোৱা নাই ৷ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা নিবনুৱা সমস্যা বিষয়ত বিধায়ক পদ্ম হাজৰিকাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত এক পইচাই নোলোৱাকৈ চাকৰি দিছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ চৰকাৰে মেলা চাকৰি বজাৰ আৰু দুৰ্নীতি বন্ধ কৰাৰ স্বাৰ্থত সাহসী পদক্ষেপ লোৱা হৈছে আৰু আমি সফল হৈছোঁ বুলি দাবী কৰিব পাৰোঁ৷

আনহাতে সংবাদ মেলত বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি কয় যে আজিৰ অসমত উগ্ৰপন্থীৰ দপদপনি নাই, আজিৰ অসমত উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ নাই৷ আজি উগ্ৰপন্থীয়ে ধন দাবী কৰা নাই, সেই সময়ত ক্ষুদ্ৰ চাহ খেতিয়কে বিহালীৰ বটীয়ামাৰীত অনুষ্ঠিত উগ্ৰপন্থী বিৰোধী প্ৰতিবাদী সভাত মই অংশ গ্ৰহণ কৰি আতংকিত কৃষকলোকসকলৰ কাষত ঠিয় দিছিলোঁ।

তেতিয়াতো কোনো ক্ষুদ্ৰ খেতিয়কৰ কাষত কোনো কংগ্ৰেছী নাছিল৷ এইখন অসম শান্তিৰ অসম, উগ্ৰপন্থীৰ দপদপনি শূণ্য অসম৷ অসমৰ শান্তি বাতাৱৰণ গঢ়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে বলিষ্ট ভূমিকা গ্ৰহণ কৰাত সফল হৈছে৷ যাৰবাবে আজিৰ নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে শান্তিত পঢ়া-শুণা কৰিব পৰা পৰিৱেশ হৈছে ৷ আজি অসমৰ জাতি-জনগোষ্ঠীৰ মাজত বিশ্বাস বাঢ়িছে বুলি দাবী কৰে৷

ইফালে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰাতুল কলিতাই বিহালীত সংবাদ মেল পাতি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উত্তৰ অসমৰ ডন নেকি, গুণ্ডা নেকি বুলি সমালোচনা কৰা বিষয়টো সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকা জাঙুৰ খাই উঠি কয় যে, আমাক মানুহে ভালকৈ জানে যে পদ্ম হাজৰিকা কোন ৷ আজি সাংসদ গৌৰৱ গগৈৰ নেতৃত্ব কংগ্ৰেছে বিহালী ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্ঠা কৰিছে।

মোক ব্যক্তিগত আক্ৰমণ কৰিছে মই দুখ পাইছোঁ যে- কংগ্ৰেছ চৰকাৰৰ দিনত বচা-বচা যুৱকক হত্যা কৰা হৈছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ত বিশ্বজিৎ বৰাক কেনেকৈ নৃশংসভাৱে হত্যা কৰা হৈছিল৷ সেই ঘটনাৰে অভিয়ুক্ত হৈছিল আৰ এন সিঙ৷ বিশ্বজিৎ বৰাৰ হত্যা কৰি বালিত পুঁতি দিছিল৷ সেই সময়ত ময়ো টাৰ্গেটৰ বলি হৈছিলো যাৰ বাবে মই অসম এৰি পলাব লগা পৰিস্থিতি উদ্ভৱ হৈছিল ৷

তেওঁলোকৰ ক্ষমতাৰ চৰকাৰৰ দিনত উগ্ৰপন্থীৰে সমান্তৰাল চৰকাৰ চলাইছিল৷ যাৰ বাবে ২০০৭ চনৰ ১৩ ডিচেম্বৰ তাৰিখে মোৰ ঘৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাঁই পথত মোক গুলীবিদ্ধ কৰিছিল৷ আজিও তেনেকৈ মই একে-৪৭ ৰ গুলী দেহত লৈ জীয়াই আছোঁ৷ তেনেস্থলত মই বিচাৰিম নেকি যে পুনৰ কংগ্ৰেছ দলৰ চৰকাৰ আহক৷

বিধায়ক পদ্ম হাজৰিকাই নাম উল্লেখ নকৰাকৈ কয় যে, কোনোবাই ২০২৬ চনত কংগ্ৰেছ চৰকাৰ আহিব আৰু পদ্ম হাজৰিকাক জেলত ভৰাই দিম বুলি কৈছে৷ কোনোবাই কৈছে কংগ্ৰেছ চৰকাৰ আহিলে বিশ্বজিৎ বৰাৰ ফাইল খুলি জেললৈ পঠাম৷ আমি যেতিয়া হাই কৰ্টত বিশ্বজিত বৰাৰ গোচৰ তৰি চিবিআই তদন্ত কৰাৰ দাবী কৰিছিলোঁ তেতিয়া তোমালোকে ফাইলত একো নোহোৱাই কৰিলা বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰকাশ কৰে৷

সংবাদ মেল খনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছ দলক উদেশ্যি কয় যে, তোমালোকেতো মোক মাৰিবলৈকে ওলাইছিলা। ২০০১ চনত মই নেপালত পলাই গৈ জীৱন বচাব লগা হৈছিল৷ সেই কাৰণে মই তোমালোকৰ বিৰুদ্ধে সৰৱ হ'ব লাগিব কাৰণ অসমৰ মানুহে অশান্ত হোৱাটো নিবিচাৰো উগ্ৰপন্থীৰ দপদপনি নিবিচাৰোঁ৷

সংবাদ মেলখনত বিধায়ক পদ্ম হাজৰিকাৰ ৰাজনৈতিক জীৱন সম্পৰ্কে আলোকপাট কৰি কয় যে, মই ৰাজনীতিত কথা নাছিল৷ মই জীয়াই থাকিবলৈ আহিছো৷ মোৰ ৰাজনীতি কৰাৰ লক্ষ্য নাছিল৷ মই জীৱনৰ নিৰাপত্তাৰ কাৰণে অসম গণ পৰিষদত যোগদান কৰিছিলো৷

ৰাইজক সেৱা কৰাৰ উদেশ্যেৰে ৰাজনীতি কৰিছিলো কিন্তু প্ৰতক্ষ্য ৰাজনীতি কৰা উদেশ্য নাছিল৷ কংগ্ৰেছ দলে পৰিকল্পিত ষড়যন্ত্ৰৰে হত্যা কৰিব ওলোৱাৰ কাৰণে জাতিটোক নিশেষ কৰাৰ প্ৰতিবাদত ৰাজনীতিত নামিছো ৷ মই ভালদৰে জানো আগন্তক ২০ বছৰলৈ কংগ্ৰেছ চৰকাৰ নাহে আৰু মোক জেলতো ভৰাব নোৱাৰে। মোক মাৰিবও নোৱাৰে বুলি আক্ৰমণাত্মক বক্তব্য প্ৰকাশ কৰে৷

বিহালীত সংবাদ মেল আয়োজন কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উত্তৰ অসমৰ ডন নে গুণ্ডা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই উত্তৰ পাৰৰ সন্তান৷ এটা সংগ্ৰামৰ মাজেদি মই ৰাজনীতি লৈ আহিছো উত্তৰ অসমৰ গহপুৰৰ পৰা ঢেকীয়াজুলীৰ ছাত্ৰ সমাজৰ নেতা আছিলো ৷

বিহালীৰ সেই তিনিসুঁতি,ভীমাজুলীৰ শংকিত- দূৰ্গতসকলৰ কাষত ঠিয় হোৱাতো যদি ডন-গুণ্ডা বুলি কয় তেনেহ'লে মই ডন হয়, গুণ্ডা হয়৷ আমাৰ উত্তৰ পৰাৰ মানুহৰ কাৰণে হাজাৰ বাৰ গুণ্ডাগীৰি কৰিম ৷ কংগ্ৰেছ দলত সকলো মহান নেতা আছে আনহাতে চামগুৰীত থকা সকল মহাপুৰুষ নেকি বুলি কটাক্ষ কৰে৷

ইমানেই নহয় কংগ্ৰেছ মুখপাত্ৰ ৰাতুল কলিতাই অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত সংঘটিত গুপ্তহত্যাৰ সময়ছোৱাত বিধায়ক পদ্ম হাজৰিকা ক'ত আছিল বুলি কৰা প্ৰত্যুত্তৰত কয় যে, কংগ্ৰেছ চৰকাৰৰ দিন গুপ্তাহত্যা হোৱা নাছিল নেকি৷ বিশ্বজিৎ বৰাৰ হত্যাকাণ্ড গুপ্তা নাছিল নেকি?

মই নুই নকৰো অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনতো কিছু হত্যাকাণ্ড হৈছে৷ আমি দলৰ মজিয়াত কি কৈছো আমি জানো ৷ অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমাৰ দিনত হোৱা বেয়া কামৰ আমি প্ৰতিবাদ কৰিছো৷ আমি সেই হত্যাকাণ্ড অস্বীকাৰ নকৰোঁ কিন্তু কংগ্ৰেছ দলৰ নেতাই স্বীকাৰ কৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে৷

কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছিল নেকি, কেনেকুৱা ভয় আৰু আতংকৰ ভয়াৱহ দিন আছিল বুলি কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ছোৱাত সংঘটিত ভয়াৱহ ঘটনাৰ তথ্যৰে বিৰোধী কংগ্ৰেছ দলক ক্ষুৰদ্ধাৰ সমালোচনা কৰে৷

সংবাদ মেলত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা কয় যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত বিহালীৰ অসম-অৰুণাচল সীমান্তাৰ তিনিসুঁতি অঞ্চল লৈ চতিয়াৰ পৰা নিজে ফ'ৰহুইল গাড়ী চলাই আহিছিলোঁ আৰু মই নৃশংস হত্যাকাণ্ড সংঘটিত এলেকাত উপস্থিত হৈ দূৰ্গতসকলৰ কাষত ঠিয় হৈছিলোঁ৷

তেতিয়া মই বিৰোধী দলৰ বিধায়ক আছিলো যদিও মই চতিয়াৰ পৰা বিহালী অঞ্চললৈ ঢপলিয়াই আহিছিলো বুলি উল্লেখ কৰে৷ সেই সময়ত তিনিসুঁতি এলেকাত উগ্ৰপন্থীৰ হত্যালীলাত মৃতদেহৰ দম সৃষ্টি হৈছিল ৷ মই নিজে বিহালীৰ তিনিসুঁতিৰ সন্ত্ৰাস জৰ্জৰিত এলেকাৰ তিনিসুঁতি হাই স্কুলত উপস্থিত হৈ নিজে খিচিৰী ৰান্ধি চেগুন গছৰ পাতত দূৰ্গতসকলক খাদ্য খুৱাইছিলোঁ৷

তেতিয়া সেই স্থানত কোনো এজন কংগ্ৰেছ নেতাসকল তাত উপস্থিত নাছিল বুলি আক্ষেপ প্ৰকাশ কৰে৷ আনকি বিহালীৰ চাউলধোৱা অঞ্চলত সংঘটিত হত্যাকাণ্ডৰো খবৰ ল'বলৈ আহিছিলো ৷ আজি যদি মই উপ নিৰ্বাচনত ইয়ালৈ আহিলে তেওঁলোকে সমালোচনা কৰে, ব্যক্তিগত আক্ৰমণ কৰে, বিহালী উপ নিৰ্বাচনত বিহালী লৈ অহাৰ মোৰ কি নৈতিক অধিকাৰ নাই বুলি প্ৰশ্ন উত্থাপন কৰে৷

তেওঁলোকে উত্থাপন কৰা লোকেল-চালানীৰ প্ৰসংগত মই প্ৰত্যুত্তৰ দিয়াৰ মোৰ অধিকাৰ নাই নেকি সাংসদ গৌৰৱ গগৈক উভটি ধৰে৷ উল্লেখ্য যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্যক সাংসদ গৌৰৱ গগৈয়ে কি প্ৰত্যুত্তৰ দিয়ে লক্ষণীয় হ'ব৷

Also Read: কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত কংগ্ৰেছ, এ জে পিৰ শোক প্ৰকাশ...

গৌৰৱ গগৈ বিহালী বিজেপি পদ্ম হাজৰিকা