চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...

চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...

author-image
Asomiya Pratidin
New Update
চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...

চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...

ডিজিটেল সংবাদ চতিয়াঃ চতিয়া উন্নয়ন খণ্ডৰ অধীনৰ ২নং চতিয়া গাওঁ পঞ্চায়তৰ এলেকাৰ চেনীমাৰি, দোলাপানী সংযোগী পথত সম্প্ৰতি সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত৷ আনফালে আকৌ পথৰ ওপৰেৰে বাগৰিছে নদীৰ দৰে পানী৷

চেনীমাৰি, দোলাপানী, কটৰাআটি আদি কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এই পথটোৰ নিৰ্মাণৰ নামত ২ নং চতিয়া গাঁও পঞ্চায়তখনে লাখ লাখে টকা ব্যয় কৰিছিল৷ কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে আৱন্টিত ধনৰ মাজৰে কেইটামান টকাহে পথ নিৰ্মাণত খৰচ কৰি বাকী সমুদায় টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

অভিযোগ অনুসৰি ২০২২-২০২৩ বৰ্ষটোত ২নং চতিয়া গাঁওপঞ্চায়ত কৰ্তৃপক্ষই ১৩‌ লাখ টকা এই পথ চোৱাৰ নিৰ্মাণৰ নামত অনুমোদন দিছিল৷ কিন্তু এই সমুদায় ধন ব্যয় কৰাটো দেখুৱাই কেৱল মাত্ৰ কেইপাচিমান মাটিহে পেলোৱা হ'ল যদিও আজি পৰ্যন্ত পথটো যাতায়তৰ বাবে উপযোগী হৈ নুঠিল।

একেটা পথকে নিৰ্মানৰ নামত বাৰে বাৰে ধন আৱন্টন দি লোৱা একাংশ পঞ্চায়ত প্ৰতিনিধিৰ বাবে এতিয়া এই গুৰুত্বপূৰ্ণ পথ চোৱা সোঁণৰ কণী পৰা হাহঁতহে পৰিণত হৈছে৷ অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলেও এতিয়া পানীৰ মাজেৰে অহা যোৱা কৰিব লগা পৰিস্থিতি হৈছে।

যাৰ বাবে যাতায়তত জীয়াতু ভুগিছে অঞ্চলটোৰ জন সাধাৰনে৷ এয়া কেৱল মাত্ৰ এটা উদাহৰণহে ৷ এক কথাত ক'বলৈ গলে দুৰ্নীতিত পোত গৈছে ২ নং চতিয়া গাওঁ পঞ্চায়ত খন৷ এই গাঁও পঞ্চায়তখনৰ জন প্ৰতিনিধিসকলে গুৰু গোঁসাই নামানি গ্ৰাম্য উন্নয়নৰ ধন হজম কৰি অহাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ অহাৰ পিছতো কি কাৰনত বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ধন এটকাও হৰলুকি কৰিলে জে'ললৈ যাবলৈ সাজু থাকিব লাগিব বুলি ঘোষণা কৰাৰ পিছতো কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধিৰ কোনো ভয় নাই৷ বৰঞ্চ দুগুণ উৎসাহৰে হজম হে কৰি গৈছে জনকল্যাণৰ হকে আৱন্তিত চৰকাৰী ৰাইজৰ ধন।

Also Read: উত্তৰ ভাৰতত বানৰ তাণ্ডৱঃ ১৯ জনৰ মৃত্যু...

চতিয়া দুৰ্নীতি