নদুৱাৰত গুৰু জনাৰ ৫৭৬সংখ্যক জন্মজয়ন্তী উদযাপন

নদুৱাৰত গুৰু জনাৰ ৫৭৬সংখ্যক জন্মজয়ন্তী উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,নদুৱাৰঃ নদুৱাৰ অঞ্চলৰ ধুবিখোলাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ অসমৰ জামুগুৰি উত্তৰ আঞ্চলিক শাখা সমাজৰ সৌজন্যত সোনাপুৰ প্ৰাথমিক শাখাৰ আতিথ্যত সোনাপুৰ কীৰ্ত্তন গৃহত আজিৰ পৰা দুদিনীয়াকৈ মহাপুৰুষ গুৰু জনাৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উদাযাপন কৰা হৈছে৷

আজি পুৱাৰ পৰিবেশ নিকাকৰনৰ পিছতে ৭ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে উত্তৰ জামুগুৰি আঞ্চলিক নামধৰ্ম সমাজৰ সভাপতি দেৱ বৰাই ৷ স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে উত্তৰ জামুগুৰি আঞ্চলিক নামধৰ্ম সমাজৰ উপদেষ্টা শান্তি শইকীয়াই। ইয়াৰ পিছতে ভক্তপ্ৰাণ ৰাইজে এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে অঞ্চলটো পৰিভ্ৰমণ কৰে৷

১১বজাত শংকৰ মাধৱ কৃষ্টি সমাজে নামপ্ৰসংগ অনুষ্ঠিত কৰে৷ ইয়াৰ পিছৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব শৰনাচাৰ্য্য ক্ষীৰ বৰাই৷ ৫.৩০বজাৰ ভকত আদৰণি আৰু সবহুৱাৰ পিছতে ৭ বজাৰ পৰা আৰম্ভ হব লগা ভাওনা উদ্বোধন কৰিব শোণিতপুৰ জিলা নামধৰ্ম সমাজৰ প্ৰাক্তন সভাপতি বোধন হাজৰিকাই ৷ ৮ বজাৰ শংকৰমাধৱ কৃষ্টি সমাজৰ দ্বাৰা যোৰা প্ৰদৰ্শনৰ পিছতে নিশা ৯ বজাত বিচিত্ৰ বিক্ৰম উপাখ্যান সুচিত্ৰাৰ স্বামী লাভ নাট ভাওনাৰ প্ৰথম খণ্ড আৰম্ভ হব।

নদুৱাৰত গুৰু জনাৰ ৫৭৬সংখ্যক জন্মজয়ন্তী উদযাপন
পুলিচ বজাৰৰ শ্বপিং মলত অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in