ডিজিটেল সংবাদ,ৰঙাপৰাঃ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত নাহৰনি চাহ বাগিছাৰ অধীনৰ হাতীবাৰী শাখাৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই। ৰঙাপৰাৰ হাতীবাৰী চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰে পৰা ভূগি অহা সমস্যা সমূহৰ সমাধানৰ দাবীত চাহ শ্ৰমিক সকলে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী।
চাহ বাগিচাখনৰ পুৰুষ-মহিলা শ্ৰমিকসকলে নিয়মীয়া কাম-কাজ বন্ধ কৰি হাতে-হাতে ৰঙা পতাকা লৈ নাহৰণি ও হাতীবাৰী চাহ বাগিচা হাস্পতালত বাহিৰা আৰু ভৰ্তি হৈ থকা ৰোগীক আইন অনুসৰি মজুৰি প্ৰদান কৰক, ২০২৩-২৪ বৰ্ষৰ বকেয়া খৰি আদায় দিয়ক, অস্থায়ী শ্ৰমিকক সম্পূৰ্ণ কাম দিয়াৰ ব্যৱস্থা কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
লগতে শ্ৰমিক সকলে সকলো স্থায়ী-অস্থায়ী শ্ৰমিকক টিৰ্পাল, ছাতি আৰু চেণ্ডেল দিয়াৰ ব্যৱস্থা কৰক, অৱসৰ শ্ৰমিকৰ বদলিত ১৫ দিনৰ ভিতৰত স্থায়ী কামত মকৰলৰ ব্যৱস্থা কৰক, অৱসৰপ্ৰাপ্ত শ্ৰমিকক প্ৰাপ্য ধন অতি শীঘ্ৰেই প্ৰদান কৰক, শ্ৰমিকৰ ঘৰ অতি শীঘ্ৰেই মেৰামতি কৰক, ইনক্লাৱ জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। ইফালে প্ৰতিবাদস্থলীত উপস্থিত হোৱা বাগিছা খনৰ শাখা পৰিচালক গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই।
Also Read: প্ৰাপ্য আদায়ৰ দাবীত লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত ঠিকা ভিত্তিত শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী