স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত গহপুৰ পৌৰ সভাৰ একাধিক কাৰ্যসূচী ৰূপায়ণ...

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত গহপুৰ পৌৰ সভাৰ একাধিক কাৰ্যসূচী ৰূপায়ণ...
স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত গহপুৰ পৌৰ সভাৰ একাধিক কাৰ্যসূচী ৰূপায়ণ...
Published on
Updated on

ডিজিটেল সংবাদ ছয়দুৱাৰ: ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি পালন কৰি থকা "আজাদি কা অমৃত মহোৎসৱ"ৰ অন্তিম কাৰ্যসূচী "মোৰ দেশ মোৰ মাটি"ৰ লগত সংগতি ৰাখি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত আজি চৰকাৰী নিৰ্দেশ অনুসৰি পুৱা ১০ বজাত গহপুৰ ছোৱালী হাইস্কুলত শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে সন্মান প্ৰদৰ্শনৰ বাবে এখনি শিলা ফলক আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। উক্ত অনুষ্ঠানত গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰা, গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষ ভড়ালী, গহপুৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰা , গহপুৰ পৌৰ সভাৰ পৌৰপতিৰ অতুল বৰাৰ লগতে গহপুৰ পৌৰসভাৰ সমূহ কৰ্মকৰ্তা আৰু নগৰীয়া জীৱিকা অভিযানৰ শতাধিক আত্মসহায়ক গোটৰ সদস্যাৰ উপৰিও গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

ইয়াৰ লগতে সকলোৰে উপস্থিতিত পঞ্চ প্ৰাণ সংকল্প গ্ৰহণ কাৰ্যসূচী সূচাৰু ৰূপে পালন কৰা হয়। ইয়াৰ পিছতে গহপুৰ ছোৱালী হাইস্কুলৰ সন্মুখতে থকা শিশু উদ্যানৰ শুভ উদ্বোধন কৰে বিধায়ক, মহকুমাধিপতি,গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, গহপুৰ পৌৰসভাৰ পৌৰপতিৰ লগতে কাৰ্য্যবাহী বিষয়াই।

তৃতীয়টো অনুষ্ঠান হিচাপে "বসুধা বন্দনম" শীৰ্ষক কাৰ্য্যসূচীত গহপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সমীপৰ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সমুহীয়াকৈ ৭৫ টা কাঞ্চন গছৰ পুলি ৰোপন কৰা হয়। চতুৰ্থ কাৰ্য্যসূচী অনুসৰি "বস্ত্ৰ বেংক"ৰ শুভ উদ্বোধন কৰা হয় ।

"বস্ত্ৰ বেংক" ৰ শুভ উদ্বোধন কৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। অনুষ্ঠানটিত গহপুৰ মহকুমাৰ মহকুমাধিপতি, গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, গহপুৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া, গহপুৰ পৌৰ সভাৰ পৌৰপতি উপস্থিত থাকে।

স্মৰ্তব্য যে, যোৱা ৪ আগষ্টত গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত উক্ত "বস্ত্ৰ বেংক" সন্দৰ্ভত এখনি সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাৰ চূড়ান্ত সিদ্ধান্ত মৰ্মে বস্ত্ৰ বেংক পৰিচালনাৰ বাবে এখন ১৩ জনীয়া সমিতি গঠন কৰা হৈছিল।

সমিতিখনৰ সভাপতি অশ্বিনী বৰমুদৈ আৰু উপ-সভাপতি হিচাপে মুকুট ভূঞাক দায়িত্ব অৰ্পণ কৰা হয়। উপদেষ্টা হিচাপে থাকে স্থানীয় বিধায়ক,গহপুৰ মহকুমাৰ মহকুমাধিপতি, গহপুৰ পৌৰ সভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়া।

উক্ত বস্ত্ৰ বেংকৰ জৰিয়তে আৰ্ত জনৰ সহায়ৰ লগতে ব্যৱহাৰ নোহোৱা অতিৰিক্ত কাপোৰ সমূহৰ সদ ব্যৱহাৰৰ প্ৰয়াস কৰা হ'ব।

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত গহপুৰ পৌৰ সভাৰ একাধিক কাৰ্যসূচী ৰূপায়ণ...
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ বন্ধ ৭৫২ টা পথ, ২৪ ঘণ্টাত মৃত্যু ২১ জনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in