ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰঙাপৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ পুনৰ বন্যহস্তীৰ আক্ৰমনত নিহত হ’ল এজন লোক । ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্জত অসম-অৰুণাচল সীমান্তৱৰ্তী দয়ালপুৰৰ ২ নং বালিটিকাত বন্যহস্তীৰ আক্ৰমনত ৬৬ বছৰীয়া বৃদ্ধই অকাল মৃত্যুক সাৱতি লয় ৷
২ নং বালিটিকাৰ দেৱান মূৰ্মূ ঘৰৰ ভিতৰত শুই থকা সময়তে বন্যহস্তীয়ে বাসগৃহ ভাঙি হঠাৎ আক্ৰমন কৰে ৷ যাৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় দেৱান মূৰ্মূয়ে ৷ স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে ৷
উল্লেখ্য যে খাদ্যৰ সন্ধানত সোণাই-ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ বনঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে ৰঙাপৰা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বন্যহস্তীৰ জাকে প্ৰতিদিনে মানুহ ঘৰ দুৱাৰ ভাঙি তহিলং কৰি আহিছে ৷ যাৰ বাবে উজাগৰী নিশা কটাবলগীয়া হৈ ৰাইজে ৷
Also Read: ইলোৰা মঞ্চৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱসৰ আয়োজন