ডিজিটেল সংবাদ, গহপুৰঃ পথ নহয় যেন পথাৰ। গহপুৰত পথৰ ওপৰত ভুই ৰুলে ৰাইজে। গহপুৰ মহকুমাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাওনামুখ গাঁও পঞ্চায়তৰ জৰিগুৰিৰ পৰা লোহিতমুখ সংযোগী এটা বিধ্বস্ত পথে জ্বলা-কলা খোৱাইছে ৰাইজক। বিদ্যালয়লৈ যাওঁতে অসুবিধাত পৰে ছাত্ৰ-ছাত্ৰী সকল, ঠেলি অথবা কান্ধত তুলি নিব লাগে চাইকেল।
সেই পথৰে গাড়ী নাযায় বাবে ৰোগী অনা নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসীয়ে। যাৰ ফলত যমৰ-যাতনা ভুগিছে এই পথেৰে যাতায়ত কৰিব লগা হোৱা লোকসকলে। সেয়েহে পথৰ ওপৰতে ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ।