বিশ্বনাথত বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে জনতাৰ ক্ষোভ : ঘোৰ নিদ্ৰাত জিলা প্ৰশাসন

বিশ্বনাথত বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে জনতাৰ ক্ষোভ : ঘোৰ নিদ্ৰাত জিলা প্ৰশাসন
Published on
Updated on

ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথ চাৰিআলিৰ পাভৈ পথত থকা বৃহৎ শ্বপিং ম'ল বিশাল মেগা মাৰ্টত নাই অগ্নি নিৰ্বাপনৰ অনুজ্ঞা পত্ৰৰ নবীকৰণ। বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানটোৱে এবছৰ ধৰি চলাই নিছে অগ্নি নিৰ্বাপনৰ অনুজ্ঞাপত্ৰৰ নবীকৰণ নোহোৱাকৈয়ে উক্ত বাণিজ্যিক প্ৰতিষ্ঠানখন।

উল্লেখ্য যে বহিৰাগত এই বৃহৎ প্ৰতিষ্ঠানটোৰ মালিকপক্ষ আৰু ভাড়াত দিয়া স্থানীয় বিল্ডিংটোৰ স্বত্বাধিকাৰৰ মাজত হোৱা মতানৈক্যৰ বাবেই যোৱা এবছৰে নবীকৰণ নোহোৱাকৈয়ে বাণিজ্যিক প্ৰতিষ্ঠানখনে চলাই নিছে নিজৰ ব্যৱসায়। এই কথা খোদ স্বীকাৰ কৰিছে ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰিচালকগৰাকীয়ে।

কিন্তু বিল্ডিঙৰ স্বতাধিকাৰী আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ মাজত হোৱা এই মতানৈক্যৰ ফল যি কোনো সময়তে ভুগিব পাৰে সাধাৰণ জনতাই । কাৰণ উক্ত শ্বপিং ম'লটোত যদিহে কিবা অঘটন ঘটে অথবা অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হয়, তেনেহ'লে উক্ত বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানটোৰ পিছফালে নাই জৰুৰীকালীন দ্বাৰ অথবা অগ্নিকাণ্ড সংঘটিত হ'লে অগ্নি নিৰ্বাপন কৰিব পৰা যাৱতীয় ব্যৱস্থা।

কেৱল সাধাৰণ জনতাই নহয়, উক্ত বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও কৰ্মৰত সময়ত নিৰাপদ নহয়। বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে এনেধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাবে অগ্নি নিৰ্বাপন বাহিনীৰ দ্বাৰা প্ৰদান কৰা অনুজ্ঞাপত্ৰ সকলোৰ বাবে বাধ্যতামূলক।

তেনেস্থলত জিলা প্ৰশাসনে এই অনুজ্ঞাপত্ৰ অবিহনে ব্যবসায় প্ৰতিষ্ঠান কোনো কাৰণতে ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান নকৰে। কিন্তু এই বহিৰাগত বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানটোৱে এবছৰ ধৰি অনুজ্ঞাপত্ৰ অবিহনে নিজৰ ব্যবসায় চলাই গৈছে যদিও জিলা প্ৰশাসনে এওলোকৰ প্ৰতি ইমান নৰম স্থিতি কিয় গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। বিশ্বনাথৰ বিশাল মেগা মাৰ্টে এক কথাত হেতালি খেলিছে সাধাৰণ জনতাৰ লগত বুলিও অভিযোগ উত্থাপন হৈছে।

বিশ্বনাথত বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে জনতাৰ ক্ষোভ : ঘোৰ নিদ্ৰাত জিলা প্ৰশাসন
ছেবাৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক কিৰণ চন্দ্ৰ ডেকাৰ 'তাহানিৰ ইটো-সিটো' উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in