তেজপুৰৰ মৰাভৰলী নৈৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি...

তেজপুৰৰ মৰাভৰলী নৈৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি...

author-image
Asomiya Pratidin
New Update
তেজপুৰৰ মৰাভৰলী নৈৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি...

তেজপুৰৰ মৰাভৰলী নৈৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি...

ডিজিটেল সংবাদ তেজপুৰঃ অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলাৰ তেজপুৰত মৰাভৰলী নদীৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি কৰে । বিগত বৰ্ষত তেজপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ উন্নয়নৰ অন্যান্য কামৰ লগতে মৰাভৰলী নদীৰ সৌন্দৰ্যবৰ্দ্ধন কৰাৰ বাবে ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছিল ।

মুখ্যমন্ত্ৰীৰ এই ঘোষণা অনুসৰি জলসম্পদ বিভাগে প্ৰথম পৰ্যায়ত ১৫ কোটি টকাৰ পুঁজিৰে মৰাভৰলী নদীৰ পৰুৱা চাৰিআলিৰ পৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সমাধিপৰ্যন্ত নদীখনন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ব্যৱস্থা হাতত লৈছে । আজি আঁচনিখনৰ কামৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ঐতিহাসিক তেজপুৰ চহৰখন তেওঁৰ নিচেই আপোন । কিন্তু তেজপুৰ চহৰলৈ সোমোৱাৰ বাটতে পিতনিৰে ভৰি থকা মৰাভৰলীখন তেজপুৰৰ এটা পুৰণা সমস্যা আছিল ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জলসম্পদ বিভাগে নদীখনন কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে যে ইয়াৰ জৰিয়তে মৰাভৰলী নদীখনে প্ৰাণ পোৱাৰ লগতে অঞ্চলটোত সৌন্দৰ্যবৰ্দ্ধনৰ গুৰুত্বপূৰ্ণ কাম এটা সম্পূৰ্ণ হ'ব । আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰাৰ ফলশ্ৰুতিত গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ফলত জিলাসমূহে বিশেষ উন্নয়ন লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

তেওঁ কয় যে, বিৰোধী পক্ষই যিয়েই নকওক কিয় কেবিনেট অনুষ্ঠিত হোৱা জিলাসমূহৰ সাধাৰণ ৰাইজে ভালদৰে জানে যে কেবিনেটে কেনেদৰে অঞ্চলসমূহ উন্নয়ন কৰি তুলিছে । কেবিনেটৰ নামত হোৱা খৰচ প্ৰকৃততে জিলাসমূহৰ আৱৰ্ত ভৱনসমূহ পুনৰনিৰ্মাণ আৰু মেৰামতিত হোৱা খৰচহে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।

আনহাতে চৰকাৰে অত্যন্ত মিতব্যয়িতাৰে নতুন দিল্লীত লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন কৰা বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই । মন্ত্ৰীগৰাকীয়ে বিগত প্ৰায় দুবছৰীয়া মন্ত্ৰীত্বৰ কাৰ্যকালত শোণিতপুৰ আৰু বিশ্বনাথৰ জলসম্পদ বিভাগৰ কামৰ বাবে প্ৰায় ১০০ কোটি টকাৰ পুঁজি প্ৰদান কৰা বুলি উল্লেখ কৰি কয় যে, মাননীয় মুখ্যমন্ত্ৰীৰ বানমুক্ত অসমক বাস্তৱায়িত কৰিবৰ বাবে বিভাগে সম্ভৱপৰ সকলো কাম হাতত লৈছে।

বিগত বৰ্ষত কৰা বিভাগীয় প্ৰয়াসৰ বাবেই যোৱা বাৰিষা অসমৰ অন্যতম বানপানী হোৱা ধেমাজি আৰু মৰিগাঁও অঞ্চলত বানৰ প্ৰভাৱ হ্ৰাস হোৱা বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে । আজিৰ অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, বিধায়কসকল পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী আৰু দিগন্ত কলিতা, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Also Read: সৰুপথাৰত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে ধ্বংস যজ্ঞ...

কেবিনেট বৈঠক তেজপুৰ