গহপুৰৰ ধৰ্মপ্ৰাণ মহিলা প্ৰবীণা ভূঞাৰ মৃত্যু...

গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰী ৰঙাজান গাঁও নিবাসী, ধৰ্মপ্ৰাণা মহিলা প্ৰবীণা ভূঞা(৭২) আৰু নাই।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ ধৰ্মপ্ৰাণ মহিলা প্ৰবীণা ভূঞাৰ মৃত্যু...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰী ৰঙাজান গাঁও নিবাসী, ধৰ্মপ্ৰাণা মহিলা প্ৰবীণা ভূঞা(৭২) আৰু নাই। সকলোকে শোকৰ সাগৰত পেলাই যোৱা নিশা প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহী মহিলা প্ৰবীণা ভূঞাই।

এক জটিল ৰোগত আক্ৰান্ত হৈ যোৱা প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীৰ আমিনগাঁৱৰ নাৰায়ণা ছুপাৰ স্পেচিলিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল। এক জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্ততঃ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত যোৱা নিশা স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুক আঁকোৱালি লয়। সকলোৰে প্ৰিয়ভাজন, অতিথিপৰায়ন আৰু এগৰাকী সৰল মনৰ মহিলা হিচাপে সুপৰিচিত প্ৰবীণা ভূঞাৰ মৃত্যুত সমগ্ৰ টকৌবাৰী আৰু ছয়দুৱাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৰঙাজান প্ৰাথমিক শাখাৰ এগৰাকী একনিষ্ঠ সেৱক আছিল প্ৰবীণা ভূঞা। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী, তিনিগৰাকী বিবাহিত জীয়ৰী, জোঁৱাই আৰু নাতি-নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে। এগৰাকী অত্যন্ত মৰমীয়াল আৰু সংস্কৃতিবান মহিলা হিচাপে সকলোৰে আস্থাভাজন প্ৰবীণা ভূঞাৰ নশ্বৰদেহ বুধবাৰে বিয়লি প্ৰায় ১ বজাত গুৱাহাটীৰ পৰা টকৌবাৰী ৰঙাজানৰ ঘৰ আহি পোৱাৰ পিছত কান্দোনৰ ৰোল উঠে ।

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত সমবেত হোৱা গুণমুগ্ধ সকলে প্ৰবীণা ভূঞাৰ নশ্বৰদেহত পুস্পাঞ্জলী অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এখন শোক সভাত তেওঁৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। স্থানীয় যুৱ সমাজকৰ্মী ৰত্ন বস্নেতে আঁত ধৰা শোক সভাখনত প্ৰবীণা ভূঞাৰ সৰলতা পূৰ্ণ জীৱন প্ৰণালী, মানৱীয় প্ৰমূল্যবোধ ধৰ্মপৰায়ণতা আৰু সাংস্কৃতিক কৰ্মৰাজিৰ ওপৰত বিভিন্ন জনে আলোকপাত কৰি তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে।

উক্ত শোক সভাত পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ মিলি, পূৱ বুৰৈ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অবিলাল ছেত্ৰী, পশ্চিম টকৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙাজান প্ৰাথমিক শাখাৰ সভাপতি ৰত্ন বৰা, জ্যোতি বিদ্যা মন্দিৰৰ অধ্যক্ষ সঞ্জীৱ উপাধ্যায়, শিক্ষক পূণ্য আচাৰ্য্য, শিক্ষয়িত্ৰী নিলীমা আচাৰ্য্য, সোমেশ্বৰ বৰা, ৰাজেন বৰা, গোলাপ বৰা, গোলোক বৰা, যোগেন বৰা, মহিম বৰা, শিৱ প্ৰসাদ কলিতা প্ৰমুখ্যে ৰঙাজান প্ৰাথমিক শাখাৰ সমূহ আই মাতৃ, বাপ-বান্ধৱ সকল উপস্থিত থাকি প্ৰবীণা ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালটোৰ দুখৰ সমভাগী হয়। বিয়লি প্ৰায় ২ বজাত এক শোকাকুল পৰিৱেশত তেওঁৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Also Read: বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...

social worker