স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে জামুগুৰিহাট আৰু বালিপৰাত প্ৰতিবাদ

স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে জামুগুৰিহাট আৰু বালিপৰাত প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰাজ্যজুৰি বিদুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে জামুগুৰিহাটতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয়। জামুগুৰিহাটৰ শান্তিপুৰত থকা জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে নদুৱাৰ সমষ্টি কংগ্ৰেছৰ উদোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে বিদুৎ বিভাগ হাই হাই, স্মাৰ্ট মিটাৰৰ সংযোগ প্ৰত্যাহাৰ কৰক আদি শ্লগানৰে অঞ্চলটোৰ আকাশ বতাহ কপাই তোলে।

বালিপৰাত স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ

User

ইফালে জামুগুৰিহাটৰ উপৰি বালিপৰাতো 'স্মাৰ্ট মিটাৰ ' সংযোগ বন্ধ কৰাৰ দাবীত একেটা দিনতে বালিপৰা উন্নয়ন সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বালিপৰা উন্নয়ন সমিতিৰ আহ্বান মৰ্মে অঞ্চলটোৰ ১৫খন গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিয়ে বালিপৰা কেন্দ্ৰস্থলৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই ।

স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পৰা বিৰত থাকক, আমাক স্মাৰ্ট মিটাৰ নালাগে , আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে বালিপৰা উপ সংমণ্ডল কাৰ্য্যালয় ঘেৰাও কৰি বালিপৰাত স্মাৰ্ট মিটাৰ লগাব নিদিয়াৰ হুংকাৰৰে এখনি স্মাৰক পত্ৰ বালিপৰা উপ সংমণ্ডল বিষয়াক প্ৰদান কৰে ।

স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে জামুগুৰিহাট আৰু বালিপৰাত প্ৰতিবাদ
গুৱাহাটীত ৰাজ্যিক সামাজিক ন্যায় মঞ্চ গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in