জামুগুৰিহাটত 'প্ৰতিশ্ৰুতি,প্ৰতিফলন আৰু পৰিকল্পনা' শীৰ্ষক ৰাজহুৱা সভা সম্পন্ন

জামুগুৰিহাটত 'প্ৰতিশ্ৰুতি,প্ৰতিফলন আৰু পৰিকল্পনা' শীৰ্ষক ৰাজহুৱা সভা সম্পন্ন

Published on

ডিজিটেল সংবাদ,জামুগুৰিহাট : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৬ নং জীয়া ভৰলী পৰিষদীয় সমষ্টিৰ উদ্যোগত জামুগুৰিহাটৰ টোভঙা এম,এই,চি সাংস্কৃতিক ভৱনত শুক্ৰবাৰে বিয়লি এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। চিলনি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেনেশ্বৰ‌ পাৱ ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মিচিং মেমং কাবাংৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে।

অসমত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মৰাজীৰ লগতে বিগত ১০ বছৰীয়া সময়ছোৱাত পৰিষদৰ জৰিয়তে উন্নয়ন সম্পৰ্কে মিচিং স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। উপাধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ২১৯ গৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ডাউন-টাউন বিশ্ববিদ্যালয়ত শিক্ষাপ্ৰদান কৰি থকাৰ কথাও প্ৰকাশ কৰে।

ইয়াৰ উপৰিও সভাত উপস্থিত থকা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৬ নং জীয়াভৰলী সাধাৰণ সদস্য ৰাজু চিন্তেৰ লগতে কেইবাগৰাকীও বিষয় ববীয়াই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিগত সময়ছোৱাত হোৱা সৰু-বৰ উন্নয়নৰ লগতে আগন্তুক সময়ত হাতত লোৱা বিভিন্ন উন্নয়নমূলক কৰ্মৰ আঁচনি সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগু, অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা সমাজ হিতৈষী বটাৰে বিভুষিত কমিচন মিলি, নদুৱাৰ বিজেপিৰ সভাপতি জয়ন্ত বৰা, চাৰিদুৱাৰ বিজেপি মণ্ডলৰ সভাপতি অৰুণ ভূঞাৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জামুগুৰিহাটত 'প্ৰতিশ্ৰুতি,প্ৰতিফলন আৰু পৰিকল্পনা' শীৰ্ষক ৰাজহুৱা সভা সম্পন্ন
চৰ-চাপৰিৰ বাসিন্দা তফজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে : পৰিয়ালক কৰিলে এঘৰীয়া
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in