ডিজিটেল সংবাদ, ছয়দুৱাৰ: শৈক্ষিক যাত্ৰাত সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি মেধাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ মেধাৱী ছাত্র ৰাজদ্বীপ সিনহাই। ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ বি.টেক পৰীক্ষাৰ চুড়ান্ত বৰ্ষৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰজনে।
শিলচৰ এন.আই.টিৰ পৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতীত্ব অৰ্জন কৰা ৰাজদ্বীপ সিনহা ঘাঁহিগাঁও নিবাসী বঞ্জু সিনহা আৰু জুমা ভূঞা সিনহাৰ সুযোগ্য পুত্ৰ। মেধাৱী ছাত্ৰজনৰ এই সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে অঞ্চলবাসী।
Also Read: বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো