ডিজিটেল সংবাদ ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এইবেলি মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে কংক্ৰিটৰ বেদীত কংক্ৰিটৰ স্থায়ী মূৰ্তিত হ’ব দেৱী দুৰ্গাৰ পূজা৷ ৰঙাপৰাৰ শ্ৰী শ্ৰী সনাতন ধৰ্মমণ্ডলী নামঘৰত এই পূজা অনুষ্ঠিত হ'ব।
সাম্প্ৰতিক পৰিবেশৰ প্ৰতি অহা ভাবুকি, পানী প্ৰদূষণৰ কথা মনত ৰাখি লগতে বাঁহ-খেৰৰ নাটনিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিমাত ব্যৱহাৰ কৰা বিভিন্ন ৰসায়নিক সামগ্ৰীৰ বাবে প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত পানী প্ৰদূষণৰ বিষয়টোক লৈ যোৱা কিছু বছৰ ধৰি আলোচনা হৈ আহিছে।
ইয়াৰ বিকল্পৰো সন্ধান অব্যাহত আছে। বহুতেই কেমিকেল ব্যৱহাৰ নকৰাকৈ প্ৰতিমা নিৰ্মাণৰ আহ্বান জনাই আছে যদিও সেই আহ্বানৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত শ্ৰী শ্ৰী সনাতন ধৰ্মমণ্ডলী নামঘৰৰ এই পদক্ষেপ ব্যতিক্ৰম হিচাপে চিহ্নীত হৈছে।
উল্লেখ্য যে ১৯৩৮ চনৰে পৰা বৃহত্তৰ ৰঙাপৰা চহৰৰ মাজমজিয়াত থকা শ্ৰীশ্ৰী সনাতন ধৰ্মমণ্ডলীয়ে মৃন্ময় প্ৰতিমাৰে দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছিল ৷ এইবেলি ৮৬ সংখ্যা শাৰদীয় দূৰ্গা পূজা মৃন্ময় প্ৰতিমাৰ পৰিৱৰ্তে কংক্ৰিটৰ প্ৰতিমাৰে অনুষ্ঠিত কৰিব তেওঁলোকে।