মাধমাৰ; অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাউলৰ মূল্য...

ৰাজ্যত ইটোৰ পিছত সিটো বস্তুৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক

author-image
Asomiya Pratidin
New Update
মাধমাৰ; অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাউলৰ মূল্য...

ডিজিটেল সংবাদ, গহপুৰ : ৰাজ্যত ইটোৰ পিছত সিটো বস্তুৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। এইবাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাউলৰ মূল্য। ৰঞ্জিত, পৰিমল, আইজুং, বাচমতিকে ধৰি প্ৰতিবিধ চাউলৰ মূল্যবৃদ্ধিত জুৰুলা চাউল ক্ৰয়কৰি খোৱা লোকসকল।

আইজুং ৪০-৪২ টকা, ৰঞ্জিত, পৰিমল ব্ৰেণ্ডৰ চাউলৰ ৩৫ টকা, উখোৱা চাউলৰ ৪০-৪২ টকা, জিৰা ৰাইচ ৭০ টকা পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে। বজাৰত চাউল ক্ৰয় কৰিবলৈ গৈ থমকি ৰ'ব লগা হৈছে গ্ৰাহকসকল। কুইণ্টলে প্ৰতি ১০০-২০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে চাউলৰ মূল্য। গহপুৰতো চাউলৰ মূল্যবৃদ্ধিক লৈ গ্ৰাহকসকল সমস্যাত পৰিছে। হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে খাটিখোৱা প্ৰতিটো পৰিয়াল।

Also Read: আহি আছে "বিপৰ্যয়": কোন কোন অঞ্চল প্ৰভাৱিত হ'ব বিপৰ্যয়ত...

GOVT OF ASSAM