টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক...

টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক  চালকৰো অৱস্থা সংকটজনক...
টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক...
Published on
Updated on

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল জামুগুৰিহাটৰ টুপিয়াত। প্ৰাৰম্ভিক খবৰ অনুসৰি এজন পথচাৰীক খুন্দিয়ালে এখন পালচাৰ বাইকে।

এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হ'ল পথচাৰীগৰাকী। নিহত পথচাৰীগৰাকী টুপিয়াৰ যাদৱ বৰা (৬৫)। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে বাইক আৰোহীগৰাকী।

আহত বাইক আৰোহীগৰাকীৰ নাম সঞ্জীৱ দাস। তেওঁক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে দুৰ্ঘটনাত নিহত হোৱা যাদৱ বৰা নামৰ লোকজন টুপিয়া চেণ্টাৰৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইকখন। আনহাতে দুৰ্ঘটনাত নিহত যাদৱ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক  চালকৰো অৱস্থা সংকটজনক...
চিৰাঙৰ জ্যেষ্ঠ সাংবাদিক আবু বক্কৰ ছিদ্দিকক গোৱাত প্ৰদান কৰা হ'ল ভাৰতীয় সমাজ ৰত্ন বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in