ভৰলীপৰীয়া কন্যকা বহুমুখী পামত কৃষি বিভাগৰ ৰবি শস্যৰ বীজ বিতৰণ

ভৰলীপৰীয়া কন্যকা বহুমুখী পামত কৃষি বিভাগৰ ৰবি শস্যৰ বীজ বিতৰণ

author-image
Asomiya Pratidin
New Update
ভৰলীপৰীয়া কন্যকা বহুমুখী পামত কৃষি বিভাগৰ ৰবি শস্যৰ বীজ বিতৰণ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষিপামৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰি, চিলাবন্ধা আৰু ধলাইবিল কৃষি চক্রৰ প্ৰায় ৫০ গৰাকী কৃষক আৰু চকীঘাট কৃষক উৎপাদক কোম্পানীৰ (এফ পি চি ) সদস্যসকলক ২০২৩-২৪ বৰ্ষৰ কৃষি বিভাগৰ বিভিন্ন আচঁনি অধীনত ৰবি শস্যৰ বীজ বিতৰন কৰি আনুষ্ঠানিকভাৱে বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

কৃষকসকলক ৰবি শস্যৰ বীজ বিতৰণ কৰি বিধায়ক পদ্ম হাজৰিকাই বৰ্তমানৰ চৰকাৰ তথা কৃষি বিভাগে সময় অনুসৰি উন্নত জাতৰ বীজ যোগান ধৰাৰ উপৰিও ৰাজ্যৰ যুৱ শক্তিক কৃষিখণ্ডৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা গ্রহণ কৰি আহিছে বুলি মন্তব্য আগবঢ়ায়। বিধায়ক গৰাকীয়ে কৃষি বিভাগৰ এই বীজ বিতৰণ, সজাগতা অনুষ্ঠানৰ জৰিয়তে উৎপাদনমুখী যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব বুলি সদৰি কৰাৰ লগতে কৃষকসকলক কৃষি বিভাগৰ তত্বাৱধানত বৈজ্ঞানিক পদ্ধতিৰে আৰু অত্যাধুনিক কৃষি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি দুগুণ উৎপাদনেৰে বজাৰ দখল কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, শোণিতপুৰ জিলাৰ সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি, পশ্চিম মুঢ়াদল পঞ্চায়তৰ প্ৰতিনিধি, উত্তৰ বৰভগীয়া পঞ্চায়তৰ প্ৰতিনিধি আৰু ধলাইবিল, জামুগুৰি আৰু চিলাবন্ধাৰ কৃষি উন্নয়ন বিষয়া হৰেন বৰা, মনতৃষ্ণা ৰাজখোৱা, নিতুমনি মহন্তৰ উপস্থিতিত কৃষি বিভাগৰ বিভিন্ন আচঁনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ( NFSM ), ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ( RKVY ), উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি ( HMNEH ), দুৰ্যোগ ব্যৱস্থাপনা, এপাৰ্ট ইত্যাদি আচঁনিৰ অধীনত সৰিয়হ, মাকৈ, আলু, মটৰ, ফ্ৰেন্স বীন, পিঁয়াজ, নহৰু ইত্যাদি ৰবি শস্যৰ বীজ বিতৰণ কৰে বিধায়ক পদ্ম হাজৰিকা আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই।

অনুষ্ঠানটোত জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই বিভাগৰ বিভিন্ন আচঁনিৰ বিষয়ে কৃষকসকলক বিষদভাৱে বাখ্যা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰবি শস্যৰ বীমা কৰাই লাভান্বিত হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকে জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক ভাস্কৰ বৰা, সহকাৰী কৃষি পৰিদৰ্শক ৰাতুল হাজৰিকা, টংকেশ্বৰ বৰাৰ লগতে শতাধিক কৃষক ৰাইজ।

agriculture department