১ অক্টোবৰৰ পৰা বন্ধ হ'ব তেজপুৰৰ শালনীবাৰী বিমানকোঠ...

ৰাণৱে, টাৰ্মিনেল নিৰ্মাণৰ বাবে ২০২৬ ৰ ৩১ মাৰ্চলৈ বন্ধ থাকিব বিমান সেৱা

author-image
Asomiya Pratidin
New Update
১ অক্টোবৰৰ পৰা বন্ধ হ'ব তেজপুৰৰ শালনীবাৰী বিমানকোঠ...

১ অক্টোবৰৰ পৰা বন্ধ হ'ব তেজপুৰৰ শালনীবাৰী বিমানকোঠ...

ডিজিটেল ডেস্কঃ অহা ১ অক্টোবৰৰ পৰা বন্ধ হৈ পৰিব তেজপুৰৰ শালনীবাৰী বিমানকোঠ। অৱশ্যে এয়া সাময়িকভাৱেহে। ১৯৪২ চনতে স্থাপন কৰা এই বিমানবন্দৰটোৰ ৰাণৱে নতুনকৈ নিৰ্মাণৰ লগতে ইয়াৰ টাৰ্মিনেল অত্যাধুনিক সুবিধা সম্পন্ন কৰি তোলাকে ধৰি একাধিক উন্নয়নমূলক কামৰ বাবে এই বিমানবন্দৰটোৰ পৰা বিমান চলাচল সমায়িকভাৱে বন্ধ কৰা হ'ব।

বিমান বন্দৰ কৰ্তৃপক্ষৰ মতে ২০২৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ইয়াৰ পৰা সকলোধৰণৰ উৰণ বন্ধ থাকিব। উল্লেখ্য যে, ব্ৰিটিছ শাসনৰ সময়তে স্থাপন কৰা এই বিমানবন্দৰটোৰ পৰা নিয়মীয়াকৈ আৰু তিনিদিনীয়াকৈ বিমান সেৱা বৰ্তমানেও অব্যাহত আছে।

মন কৰিবলগীয়া যে শালনীবাৰীৰ এই বিমানকোঠৰ ৰাণৱে ভাৰতীয় বায়ু সেনাৰ তেজপুৰ ঘাটিৰ সৈতে সংলগ্ন হৈ থকাৰ বাবে এই নতুন প্ৰকল্প হাতত লৈছে অসমাৰিক বিমান পৰিবহন বিভাগে। এই বিমান বন্দৰটো বায়ু সেনাৰ ঘাটিৰ সৈতে সংযোগ হৈ থকাৰ বাবেই বিমান যাত্ৰীসকলে বহু সময়ত বিমান বন্দৰত প্ৰৱেশৰ ক্ষেত্ৰতো নানান ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।

এনে ফলশ্ৰুতিত যাত্ৰীৰ সুবিধাৰ বাবেই এই বিমান বন্দৰটোৰ পৰা চলাচল কৰা যাত্ৰীবাহী বিমানৰ চলাচল সম্পূৰ্ণ পৃথক কৰিবৰ বাবে বায়সেনাৰ ৰাণৱেৰ পৰা পৃথক কৰি নতুনকৈ ৰাণৱে নিৰ্মাণ কৰাৰ লগতে যাত্ৰীৰ অসুবিধা হ্ৰাস কৰিবলৈ এটা টাৰ্মিনেলো নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়ে আগতীয়াকৈ বিমানবন্দৰ কৰ্তৃপক্ষই এক জাননীৰ জৰিয়তে বিমান যাত্ৰীসকলক এই বিষয়ে অৱগত কৰিছে।

বিমান বন্দৰটোৰ উন্নয়নৰ বাবেই প্ৰায় ডেৰ বছৰ ধৰি বিমান সেৱা স্তব্ধ হৈ পৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতে এতিয়া এই বিমান বন্দৰ ব্যৱহাৰকাৰী যাত্ৰীসকল চিন্তিত হোৱাও পৰিলক্ষিত হৈছে। কিয়নো এই বিমান বন্দৰটোৰ পৰা দৈনিক কলকাতালৈ উৰণ মৰা ৯০ খন আসনৰ স্পাইছ জেটৰ বিমানখন সদায়েই যাত্ৰী ভৰ্তি কৰি চলি আহিছে।

তেজপুৰৰ সেনা বাহিনীত কৰ্মৰত বিষয়া, জোৱানকে ধৰি তেজপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ ব্যৱসায়ীক কেন্দ্ৰস্থলসমূহত ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলে এই বিমান বন্দৰকে ভৰসা কৰি যাতায়ত অব্যাহত ৰাখিছিল যদিও এতিয়া তেওঁলোক যথেষ্ট সমস্যাৰ সম্মুখীন হ'ব।

উল্লেখ্য তেজপুৰ বিমান বন্দৰৰ পৰা বৰ্তমান দৈনিক কলকাতা বিমান বন্দৰক সংযোগ কৰি এখন স্পাইছ জেটৰ যাত্ৰীবাহী বিমান চলি আছে। ইয়াৰোপৰি এলায়েন্স এয়াৰৰ বিমান তেজপুৰ-লীলাবাৰী, তেজপুৰ-গুৱাহাটী সপ্তাহৰ প্ৰতি বুধ, শুকুৰ আৰু দেওবাৰে মুঠ তিনিদিনীয়াকৈ চলি আছে।

বিমান বন্দৰ উন্নয়নৰ বাবে ফিক্সড উইং বিমান চলাচল বন্ধ হ’লেও অৱশ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশত সঘনে উৰি থকা পৱনহংস হেলিকপ্টাৰ সেৱা আগবঢ়োৱাৰ এক চিন্তা চৰ্চা অব্যাহত ৰাখিছে বিমান বন্দৰৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে। তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি পৱনহংসৰ হেলিকপ্টাৰ সেৱা গুৱাহাটী, লখিমপুৰ, লীলাবাৰী আৰু যোৰহাটলৈ আগবঢ়োৱাৰ সম্ভাৱনা আছে। এই সম্পৰ্কে অৱশ্যে এতিয়ালৈকে পৱনহংসৰ সৈতে কোনোধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই।  

Also Read: বোকাখাতত শ্ৰমিক আইন উলংঘাৰ বাবেই প্ৰাণ গ'ল শ্ৰমিকৰ...

তেজপুৰ