ডিজিটেল ডেস্কঃ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ কঠোৰ স্থিতি। নিলম্বন কৰিলে আৰক্ষী উপ পৰিদৰ্শক লুহিত ৰাজবংশীক। উল্লেখ্য যে, লুহিত ৰাজবংশীয়ে তেজপুৰৰ এগৰাকী যুৱতীত মোবাইলৰ জড়িয়তে বিচাৰিছিল অশ্লীল ফটো।
ইয়াৰ পাছতে আজি তেজপুৰৰ ৰাজপথত লুহিত ৰাজবংশীক পূৰ্ণ হতীয়া চৰ দিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে। কেৱল সেয়াই নহয়, ৰাজহুৱাকৈ ৰাপথৰ মাজত আঁঠু কাঢ়ি নিজৰ কৃতকৰ্মৰ বাবে ক্ষমাও বিচাৰিবলৈ বাধ্য হৈছিল এছ আই ৰাজবংশী।
ইয়াৰ পাছতে ডিজিপি জি পি সিঙে লুহিত ৰাজবংশীক নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰিছে। অভিযোগ সত্য প্ৰমাণিত হ'লে লুহিত ৰাজবংশীৰ ওপৰত আৰু অধিক কঠোৰ ব্যৱস্থা লোৱাৰো হুংকাৰ ডিজিপি জি পি সিঙৰ।
উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰো কম সময়ৰ পূৰ্বে জি পি সিঙে এখন মুকলি পত্ৰৰ জৰিয়তে সকলো আৰক্ষী বিষয়া তথা জোৱানক সতৰ্কবাণী দিছিল।
খাকী পোচাকক সন্মান কৰাৰ লগতে নাৰীক সন্মান আৰু মৰ্যাদা দিবলৈ কৈছিলি। জি পি সিঙৰ এনে আহ্বানৰ পিছতে সংঘটিত এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছিল।
Reference incident of objectionable text message to a woman by a policeman in Tezpur - Armed Branch Inspector Lohit Rajbongshi has been placed under suspension and a departmental enquiry ordered to be completed in seven working days after which strongest appropriate action shall…
— GP Singh (@gpsinghips) July 14, 2023
Also Read: সাৱধান বাণী দি ভাগৰিছে DGP ! আঠু কঢ়াই আৰক্ষী বিষয়াক যুৱতীয়ে দিলে চৰ...