ডিজিটেল সংবাদ, ওৰাং: সময়ে সময়ে ৰাজ্যত বিয়পি পৰে সাম্প্ৰদায়িকতাৰ বতাহ। এনে সাম্প্ৰদায়িক বতাহে কলুষিত কৰা সমাজখনক ধুই নিকা কৰিবলৈ সঘনে আকৌ ৰাজ্যত এনে কিছু ঘটনা, প্ৰবাহৰ খবৰ বিয়পি পৰে যিয়ে সেই সাম্প্ৰদায়িক বতাহজাকক নিস্তেজ কৰি তোলে।
এনে এক যোগাত্মক খবৰেই এইবাৰ ৰাজ্যবাসীলৈ বিয়পাই দিছে শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ এদল যুৱকে। ধৰ্মীয় উন্মাদনা, সাম্প্ৰদায়িকতা, হিংসা-প্ৰতিহিংসাক আওকাণ কৰি সমাজৰ সৰ্বস্তৰৰ শৈক্ষিক, সামাজিক উন্নয়নৰ কথা চিন্তা কৰিয়েই পশ্চিম শোণিতপুৰৰ হিন্দু-মুছলমান সকলো ধৰ্মৰ যুৱকে মিলি আৰম্ভ কৰিবলৈ ওলাইছে এটা স্বেচ্ছাসেৱী সংস্থা।
এই স্বেচ্ছাসেৱী সংস্থাৰ নাম "ছচিয়েল ৰীফৰ্ম ছ'চাইটি অফ শোণিতপুৰ"। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই সংস্থাৰ সৈতে সদস্য অন্তৰ্ভুক্তি হোৱাৰ লগতে ঢেকীয়াজুলি অঞ্চলৰ নেতৃস্থানীয় ব্যক্তিও জড়িত হৈছে বুলি জানিবলৈ দিয়ে সদস্যসকলে।
উদ্যোগতা সকলে জানিবলৈ দিয়া অনুসৰি সকলো ধৰ্মৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ আশাৰে আৰম্ভ কৰিছে এই ছ'চইটীৰ। ছ'চাইটীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল জাতি-ধৰ্ম নিৰ্বিশেষে শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতাৰ বাবে আগবাঢ়ি যাব নোৱাৰা ব্যক্তি সকলৰ কাষত থিয় দিয়া।
দেওবাৰে বিয়লি মূল উদ্যোক্তা আব্দুল হাফিজৰ লগতে কেইজনমান সদস্য ছামছুল হক, আব্দুল মতলেব, চনিয়া প্ৰধান, দিপু চাহ, চুৰাজ চাহ আদিৰ লগতে আন বহুজনৰ উপস্থিতিত ঢেকীয়াজুলিৰ ভোটপাৰাৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত কৰে এখন সাধাৰণ সভা।
সেই সভাত দেখা গৈছিল বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলৰ লগতে স্থানীয় নেতৃস্থানীয় ব্যক্তিকো। ভাস্কৰ বৰুৱাৰ সভাপতিত্ব সভাত উপস্থিত আছিল আটছাৰ শোণিতপুৰ জিলাৰ জিলা সভাপতি লক্ষেশ্বৰ মিৰ্ধা, শোণিতপুৰ জিলা আমছুৰ সভাপতি আফতাব আলম, শোণিতপুৰ জিলা আছুৰ শিক্ষা সম্পাদক শঙ্কৰ দাস, ঢেকিয়াজুলী উন্নয়নখণ্ডৰ প্ৰাক্তন সভাপতি ৰানা কলিতা, ভোটপাৰা পঞ্চায়তৰ সভাপতি ভাস্কৰ বৰুৱা, বিশিষ্ট শিক্ষক বিপিন মুণ্ডা, সমাজ সেৱক ৰাকেশ দাসৰ লগতে সচেতন যুৱকসকল।
এই সকলোৰে উপস্থিতিত উক্ত সাধাৰণ সভাতেই গঠন হয় ছ'চাইটিৰ পূৰ্ণ কমিটী। সেই অনুসৰি ছ'চাইটিৰ সভাপতি হিচাপে দায়িত্ব দিয়া হয় চামচুল হকক। আনহাতে উপ সভাপতি হিচাপে পৱন ৰাউত, চামুয়েল মুণ্ডা, সাধাৰণ সম্পাদক শনিয়া প্ৰধান, সহ সম্পাদক আব্দুল মতলেব, দিপু শ্বাহ, সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন, ইন্তাজুল ইছলাম, প্ৰচাৰ সম্পাদক আব্দুল হাফিজ, আব্দুল হাচেন, প্ৰদীপ পাল, শিক্ষা সম্পাদক মুছাৰফ আলি, চফিকুল ইছলাম, সাংস্কৃতিক সম্পাদক চুৰাজ চাহি, মাতব আলি, খেল সম্পাদক দানীয়াল হ'ৰ, কচম উদ্দিন, হিচাপ পৰীক্ষক আহমেদ আলি, বিৰেন প্ৰধান।
তাৰোপৰি কাৰ্যালয় সম্পাদক হিচাপে কেশৱ প্ৰধান, সুৰেন নায়কক লৈ এখন পূৰ্ণাংগ কমিটী গঠন কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক আব্দুল হাফিজে।