শোণিতপুৰত পুনৰ বানৰ তাণ্ডৱঃ দুই বিধায়কৰ উদ্ধাৰ অভিযান

শোণিতপুৰত পুনৰ বানৰ তাণ্ডৱঃ দুই বিধায়কৰ উদ্ধাৰ অভিযান
Published on
Updated on

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ জৰাসৰ আৰু মানশিৰি নৈৰ বাঢ়নী পানীত শনিবাৰৰ নিশাৰে পৰা জলমগ্ন হৈ পৰিছ বালিপৰা আৰু চাৰিদুৱাৰৰ বিস্তৃৰ্ণ অঞ্চল ৷ চাৰিদুৱাৰ ৰাজহচক্ৰ এলেকাৰ ঔহলা গাওঁ, ভোবোলা গাওঁ, দীঘলী, দীঘলী বালিজান, উদমাৰী গাওঁ, ঢেকেৰী গাঁও, বামগাঁৱকে ধৰি কেইবাখনো গাওঁ বানৰ কবলত পৰাত ৰাইজৰ আহুকালৰ সৃষ্টি হৈছে।

বিশেষকৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰায় ১ কিলোমিটাৰ পথৰ ওপৰৰে পানী বাগৰাত যানবাহনৰ চলাচল বন্ধ কৰি দিয়া হয় ৷ তদুপৰি বানৰ কবলত ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰে বৃদ্ধ, ৰোগী আৰু শিশুসকল ৷ ঘটনাৰ খবৰ পাই ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু সমষ্টি পুনৰ নিৰ্ধাৰণত নদুৱাৰ সমষ্টিত বালিপৰাৰ অন্তৰ্ভূক্ত হোৱাত সমষ্টিৰ ৰাইজক উদ্ধাৰ কৰিবলৈ বালিপৰাত উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকাইও।

দুয়ো একেলগে উদ্ধাৰ অভিযানত নামি পৰা দেখা যায় ৷ উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশত ২দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মানশিৰি আৰু জৰাসৰ নৈৰ জলস্তৰ। ভয়াবহ ৰূপত বৃদ্ধি পোৱা পানীত প্লাবিত হয় বালিপৰাৰ কেইবাটাও চৰকাৰী কাৰ্যালয়।

শোণিতপুৰত পুনৰ বানৰ তাণ্ডৱঃ দুই বিধায়কৰ উদ্ধাৰ অভিযান
নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ব্যতিক্ৰমী অনুষ্ঠানঃ ৪ বৰেণ্যৰ নামেৰে শ্ৰেণীকোঠা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in