চতিয়াত পথাৰত কৰ্মৰত অৱস্থাতে মৃত্যুক সাৱটিলে এজনে...

চতিয়া আৰক্ষী দ্বাৰা মৃতদে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
চতিয়াত পথাৰত কৰ্মৰত অৱস্থাতে মৃত্যুক সাৱটিলে এজনে...
চতিয়াত পথাৰত কৰ্মৰত অৱস্থাতে মৃত্যুক সাৱটিলে এজনে...
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ আহাৰৰ পথাৰত কৃষি কৰ্মত ব্যস্ত থকাৰ সময়তে এগৰাকী লোকে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি সমগ্ৰ চতিয়াতে আজি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে চতিয়াৰ নলবাৰী গাঁৱত আজি কঠিয়া তুলি থকাৰ সময়তে এজন লোক অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যুক আকোৱালি লয়।

এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱা লোকজনৰ নাম অৰুণ কৰ্মকাৰ। তেওঁ প্ৰতাপগড় চাহ বাগিচাৰ ২০ নং লাইনৰ বাসিন্দা। সেই সময়ত পথাৰত কৰ্মৰত একাংশ লোকৰ ভাষ্য অনুসৰি পথাৰত কঠিয়া তুলি থকাৰ সময়তে অৰুণ কৰ্মকাৰ অসুস্থ হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁক পথৰ দাঁতিত কিছু সময় জিৰণী ল'বলৈ পথাৰৰ পৰা উঠি আহে। পথৰ দাঁতিত জিৰণী লৈ থকাৰ অৱস্থাতে তেওঁ মৃত্যু হয়।

এই ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষীৰ এটা দলৰ লগতে স্থানীয় দণ্ডাধীশো ঘটনাস্থলিত উপস্থিত হয়। ইয়াৰ পিছতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। একাংশ লোকে সন্দেহ কৰা অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অৰুণ কৰ্মকাৰে এইদৰে মৃত্যুক সাৱটি ল'লে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব।

চতিয়াত পথাৰত কৰ্মৰত অৱস্থাতে মৃত্যুক সাৱটিলে এজনে...
মহিলাৰ গা ধোৱা ভিডিঅ' ভেণ্টিলেটৰৰ পৰা ৰেকৰ্ডিং কৰাৰ চেষ্টাঃ দুজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in