ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী সন্থাই বিভিন্ন প্ৰস্তাৱেৰে এখনি বিশেষ সভা আহ্বান কৰে। মঙ্গলবাৰে বিয়লি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত সভাখন অনুষ্ঠিত হৈ যায়।
সভাৰ জৰিয়তে সন্থাই কেতবোৰ প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ ভিতৰত ন্যূনতম পাৰিশ্ৰামিকৰ বিনিময়ত পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজা পৰ্য্যন্ত বিদ্যালয়ত কৰ্মৰত এইসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীৰ পদসমূহ অতিশীঘ্ৰে নিয়মীয়া কৰিবলৈ চৰকাৰক দাবী জনায়।
সন্থাৰ অভিযোগ- ন্যূনতম পৰিশ্ৰমিকৰ বিনিময়ত বছৰ বছৰ ধৰি কাম কৰি অহা বিদ্যালয়ৰ এইসকল দুৰ্ভগীয়া অস্থায়ী তথা অবৈতনিক কৰ্মচাৰীৰ দুখ মোচনৰ বাবে পূৰ্বে কেইবাবাৰো আবেদন নিবেদন কৰি অহা হৈছিল। কিন্তু পৰিতাপৰ কথা যে, আজিলৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল বুলি সন্থাই আক্ষেপ প্ৰকাশ কৰে।
Also Read: বৰখাতাত ভয়াৱহ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত টেম্পো চালক