গহপুৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী শইকীয়া পূজাৰীৰ প্ৰশংসনীয় পদক্ষেপ

ঘৰতে গঢ়ি তোলা বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই ডেৰ শতাধিক ছাত্র-ছাত্ৰীক বিলাই গৈছে জ্ঞানৰ পোহৰ। শৈক্ষিক, সাহিত্য, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰে জড়িত হৈ অৱসৰী জীৱনৰ মধু পান কৰিছে দিপালী শইকীয়া পূজাৰীয়ে...

author-image
Asomiya Pratidin
New Update
গহপুৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী শইকীয়া পূজাৰীৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ নাম তেওঁৰ দিপালী শইকীয়া পূজাৰী। ব্যক্তিকেন্দ্ৰীক ধ্যান-ধাৰণাক একাষৰীয়া কৰি সদায় সমাজ আৰু দহৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থ ভাবে কাম কৰি অহা এগৰাকী দৃঢ়মনা মহিলা তেওঁ। শৈক্ষিক ক্ষেত্ৰৰ উপৰিও কৃষ্টি-সংস্কৃতি, কাব্য-সাহিত্যৰ ক্ষেত্ৰত দখল থকা বহুমুখী প্ৰতিভাৰ এগৰাকী সু-প্ৰতিষ্ঠিত মহিলা হিচাপে জনপ্ৰিয় দিপালী শইকীয়া পূজাৰী।

জীৱনৰ ৩৪ টা বছৰ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ ছাত্র-ছাত্ৰীক জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলা দিপালী শইকীয়া পূজাৰীৰ ঘৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰীৰ চেংমৰাত। শৈক্ষিক সেৱাক জীৱনৰ ব্ৰত হিচাপে লৈ জীৱনটোক ধন্য কৰি তোলা দিপালী শইকীয়া পূজাৰীয়ে ২০২২ চনৰ ৩০ জুনত কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা সফলতাৰে অৱসৰ গ্ৰহণ কৰে। চৰকাৰী দায়িত্বৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা বহু চৰকাৰী কৰ্মচাৰী, বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী আদিয়ে তেওঁলোকৰ অৱসৰী জীৱন বিভিন্ন মঠ-মন্দিৰ, ধৰ্মীয় ঠাই আদি দৰ্শন, মিটিৰ-কুটুমৰ ঘৰত ঘূৰা-ফুৰা, দেশ-বিদেশ পৰিভ্ৰমণ কৰা স্বাভাৱিকতে দেখা পোৱা যায়।

বহুতে আকৌ সকলো বাদ দি ঘৰৰ আবদ্ধ পৰিৱেশত পৰিয়ালৰ লগত বিলীন কৰি দিয়ে অৱসৰী জীৱন। সময়ৰ আহ্বানত অৱসৰপ্ৰাপ্ত বহু লোকৰ অৱসৰী জীৱন অস্তিত্বহীনো হৈ পৰা দেখা পোৱা যায়। কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ ৰূপে যেন পৃথক দিপালী শইকীয়া পূজাৰী। অৱসৰৰ পিছতো এতিয়াও শৈক্ষিক সেৱাত ব্ৰতী দিপালী শইকীয়া পূজাৰীয়ে অৱসৰী জীৱনৰ সকলো হা-হুমুনিয়াহ একাষৰীয়া কৰি বৃহত্তৰ চেংমৰা অঞ্চলত গঢ়ি তুলিছে এক সুস্থ বিদ্যায়তনিক পৰিৱেশ।অৱসৰী জীৱনটোক শিক্ষা দানৰ মাধ্যমেৰে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিব বিচৰা দিপালী শইকীয়া পূজাৰীয়ে ঘৰতে বিদ্যাৰ মন্দিৰ সাজি তাত প্ৰজ্ঞাৰ বন্তি জ্বলাই গঢ়ি তুলিছে এক সুস্থ বিদ্যায়তনিক পৰিৱেশ।

বৃহত্তৰ চেংমৰা অঞ্চলৰ প্ৰায় ডেৰ শতাধিক কণ কণ ছাত্র-ছাত্ৰীক বিদ্যালয় বন্ধৰ দিনত নাইবা বিদ্যালয় ছুটীৰ পিছত বিনামূলীয়া শিক্ষা প্ৰদানৰ মাজেৰে ঘৰলৈ মাতি আনি শিক্ষা প্ৰদানত ব্যস্ত হৈ পৰা দিপালী শইকীয়া পূজাৰীৰ পাঠশালাত নিতৌ সমাগম ঘটিবলৈ লৈছে অধ্যয়ন প্ৰিয় স্থানীয় ছাত্র-ছাত্ৰীৰ। কেৱল পুথিগত শিক্ষাৰ মাজত ছাত্র-ছাত্ৰীসকলক ব্যস্ত নাৰাখি তেওঁ কৃষ্টি-সংস্কৃতি, চিত্ৰাংকন, সাহিত্য, ক্ৰীড়া, বৌদ্ধিক আৰু শাৰিৰীক দিশতো আগুৱাই নিবলৈ সেৱাৰ মনোভাৱেৰে এটা সমৰ্পিত মন লৈ বিনামূলীয়াকৈ আগবঢ়াই আহিছে এই শৈক্ষিক সেৱা।

কেৱল ইমানেই নহয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক ভাৱ বৃদ্ধি কৰি তোলাৰ ক্ষেত্ৰতো বিভিন্ন ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে দিপালী শইকীয়া পূজাৰীয়ে। তাহানিৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দিপালী শইকীয়া পূজাৰীয়ে ছাত্র-ছাত্ৰী সকলক ইংৰাজী বিষয়ত সলসলিয়াকৈ কথা কব পৰাকৈ পাৰ্গত কৰি তোলাৰ ওপৰতো গুৰুত্ব দি স্পকেন ইংলিছ বিষয়ৰ ওপৰতো পাঠদান কৰাৰ বাবে বিশেষ ভাৱে প্ৰাধান্য দিছে। এক অৰ্থত ছাত্র-ছাত্ৰীৰ কলৰৱেৰে মুখৰিত হৈ অহা দিপালী শইকীয়া পূজাৰীৰ ঘৰটো এতিয়া হৈ পৰিছে বিদ্যাৰ মন্দিৰৰ দৰে।

উল্লেখযোগ্য যে, পলিটেকনিকত ডিপ্লমা, ইংৰাজী বিষয়ত স্নাতকোত্তৰ, বি.এড আৰু হিন্দী বিষয়ত বিশাৰদ ডিগ্ৰী লাভ কৰা কলাবাৰী অঞ্চলৰ এসময়ৰ মেধাৱী ছাত্ৰী দিপালী শইকীয়া পূজাৰীয়ে ১৯৮৮ চনৰ ১ জুনত কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি শিক্ষকতা জীৱনৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত একেখন বিদ্যালয়তে ২০১৭ চনৰ পৰা ২০২০ চনলৈ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ আৰু ইয়াৰ পিছত স্থায়ী অধ্যক্ষা হিচাপে দায়িত্ব গ্ৰহণ কৰি নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়ায়।

এটা সমৰ্পিত মন লৈ সদায় শৈক্ষিক উত্তৰণত গুৰুত্ব দি অহা দিপালী শইকীয়া পূজাৰীয়ে আগবঢ়োৱা গুণগত শৈক্ষিক সেৱাৰ বাবে তেওঁ ২০১৯ চনত শোণিতপুৰ জিলা ভিত্তিত কৃতী শিক্ষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। শিক্ষকতাৰ পূৰ্বে তেজপুৰ শলামৰাত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰত কাৰিকৰী বিষয়া হিচাপে ৬বছৰ চাকৰি কৰা দিপালী শইকীয়া পূজাৰীয়ে বিভিন্ন সামাজিক, সাহিত্য, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ অৱসৰী জীৱনটোক সাৰ্বজনীন আৰু মহীয়ান কৰি তুলিছে। অসম সাহিত্য সভাৰ আজীৱন সদস্যা দিপালী শইকীয়া পূজাৰীয়ে চেংমৰা বিহুমেলা, কলাবাৰী বিহুমেলা, বিভিন্ন বিহু তলিৰ বিচাৰক, কলাবাৰী সাহিত্য সভা, কলাবাৰী লেখিকা সংস্থা, বৰ্তমান বিশ্বনাথ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি, বিভিন্ন আলোচনীৰ সম্পাদনাৰ লগত জড়িত।

তেওঁ লিখা গীত, কবিতা, প্ৰবন্ধ, গল্প আদি বিভিন্ন আলোচনীৰ পাতত পোৱা যায়।কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শীৰ্ষ গীতটি তেওঁৱেই ৰচনা কৰিছিল। গহপুৰ উৎসৱৰ পূব মণ্ডলৰ সাংস্কৃতিক সভানেত্ৰীৰ দায়িত্বও পালন কৰিছিল তেওঁ। সকলোৰে মাজত মিলি যাব পৰা অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী শইকীয়া পূজাৰীয়ে তেওঁৰ অৱসৰী জীৱনটোক শৈক্ষিক, সাংস্কৃতিক,সামাজিক, সাহিত্য ৰ ক্ষেত্ৰৰে জড়িত কৰি আগবঢ়াই নিবলৈ গ্ৰহণ কৰা এই পদক্ষেপক বৌদ্ধিক মহলে আন্তৰিকতাৰে শলাগ লৈছে।উল্লেখযোগ্য যে দিপালী শইকীয়া পূজাৰীয়ে অঞ্চলটোৰ আৰ্থিক ভাবে দুৰ্বল বহু ছাত্র-ছাত্ৰীক পৰীক্ষাৰ মাছুল, নামভৰ্তিৰ মাছুল, ইউনিফৰ্ম আদি যোগাৰ দি যথেষ্ট সকাহ দি আহিছে।

Also Read: দেশৰ স্মাৰ্ট চিটি বঁটাঃ কোনো এটা শিতানতে নাম নাই গুৱাহাটীৰ

education